Site icon NEWS8 NE

বৰফৰ ধুমুহাৰ মাজতো হাতত ৰাইফল লৈ কৰ্তব্যত সেনা জোৱান! ভিডিঅ’ দেখি অভিভূত দেশবাসী

নিউজ ডেস্ক। ভাৰতীয় সেনা বুলি ক’লে গৰ্বত উফন্দি উঠে প্ৰতিজন ভাৰতীয়ৰ বুকু। নুঠিবনো কিয়! বুকু ডাঠ কৰি দেশ মাতৃৰ সেৱাত ব্ৰতী এই সেনা জোৱানসকলৰ বাবেই আমি শান্তিৰে টোপনি যাব পাৰো।

হিমালয়ৰ প্ৰচণ্ড জাৰ হওক বা মৰুভূমিৰ দেহা দেই নিয়া উত্তাপ, সকলো সময়তে, সকলো পৰিস্থিতিতে দেশৰ বাবে উজাগৰে থকা এই সেনা জোৱানসকল যে কৰ্তব্যৰ সময়ত একো একোটা শিলৰ টুকুৰা হৈ পৰে, যিয়ে শত্ৰুৰ বন্দুকৰ পৰা বাহিৰ হোৱা প্ৰতিটো গুলি হেলাৰঙে বুকু পাতি লব পাৰে।

সেনা জোৱানৰ এই নিষ্ঠা আৰু সাহসৰ বাবেই প্ৰতিজন ভাৰতীয় সেনা জোৱান আমাৰ বাবে ৰিয়েল হিৰো।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এনে এগৰাকী ভাৰতীয় জোৱানৰ কৰ্তব্য নিষ্ঠা আৰু দেশ মাতৃৰ প্ৰতি থকা অগাধ প্ৰেম নিদৰ্শনৰ এটা ভিডিঅ’।

সেনাই নিজেই শ্বেয়াৰ কৰা এটা ভিডিঅ’টোত ভাৰতীয় সেনাৰ এজন জোৱানক হিমশীতল পৰিস্থিতিত বৰফৰ মাজত নিজৰ কৰ্তব্য পালন কৰা দেখা গৈছে।

ভাৰতীয় সেনাৰ জোৱানজনৰ চৌদিশে কেৱল বৰফৰ বগা আচ্ছাদন। আনকি তেওঁৰ আঁঠুলৈকে বৰফেৰে ঢকা।

ভাইৰেল হৈ পৰা এই ভিডিঅ’টোত দেখা গৈছে যে কেনেকৈ ভাৰতীয় সৈনিকজনে হাতত ৰাইফল লৈ বৰফৰ ধুমুহাকো প্ৰত্যাহ্বান জনাই নিজৰ কৰ্তব্য পালন কৰিছে। তেওঁৰ আঁঠুলৈকে বৰফ জমা হোৱাৰ পিছতো ভাৰতীয় সেনা জোৱানজনক কৰ্তব্যৰ পৰা বিচলিত কৰিব পৰা নাই।

ভিডিঅ’টো প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ উধমপুৰৰ জনসম্পৰ্ক বিষয়াই তেওঁৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা শ্বেয়াৰ কৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰাৰ পিছতে লাখ লাখ ভাৰতীয়ই ভাৰতীয় জোৱানৰ কৰ্তব্য নিষ্ঠা দেখি আবেগিক হৈ পৰিছে।

জনসাধাৰণৰ এই প্ৰেম দেখি ৯ জানুৱাৰীত উধমপুৰ পি আৰ অ’ই টুইটাৰ হেণ্ডেলত লিখিছে: ‘তেওঁ (সৈনিকজন) সতৰ্ক হৈ আছে কাৰণ তেওঁ আনজনক (শত্ৰু) ঘৃণা কৰে। কিন্তু তেওঁ তেওঁৰ পিছফালে থকা সকলক (দেশবাসীক) ভাল পায়।’

কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙেও ভাৰতীয় সৈনিকজনৰ ভিডিঅ’টো ৰি-টুইট কৰে। তেওঁ লিখিছে, ‘ভাৰতীয় সেনাৰ ওচৰত সদায় ঋণী হৈ থাকিম।’

Exit mobile version