বৰ্দ্ধিত কৰ’ণাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত পুনৰ লকডাউন ঘোষণাৰ ইংগিত মুখ্য সচিবৰ!

বৰ্দ্ধিত কৰ’ণাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত পুনৰ লকডাউন ঘোষণাৰ ইংগিত মুখ্য সচিবৰ!

August 28, 2020 0 By NEWS DESK

ৰাজ্যত পুনৰ ঘোষণা হ’ব পাৰে লকডাউন।

ভয়াৱহাভৱে বৃদ্ধি হোৱা কৰ’ণাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰে এই ইংগিত প্ৰদান কৰিলে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই।

ৰাইজে যদি সাৱধানতা অৱলম্বন নকৰে আৰু কৰ’ণা আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস নহয়, তেন্তে পুনৰ লকডাউন ঘোষণা কৰিবলগীয়া হ’ব পাৰে সংবাদিকৰ আগত প্ৰকাশ কৰে মুখ্য সচিব গৰাকীয়ে।

মুখত মাস্ক পৰিধান কৰা, ছেনিটাইজাৰ ব্যৱহাৰ কৰা আৰু যিসমূহ নীতি-নিয়ম আছে সেইসমূহ সঠিকমতে পালন কৰি যাবলৈ ৰাইজক অনুৰোধ জনালে মুখ্য সচিবগৰাকীয়ে।

উল্লেখ্য যে, ইতিমধ্যে বৰাকভেলীৰ ৩জিলাত কোৰোনাত সংক্ৰমণ অত্যাধিকভাৱে বৃদ্ধি পোৱাৰ বাবে লকডাউন জাৰি কৰা হৈছে।

ইফালে প্ৰতিদিনাই ২হাজাৰো অধিক লোক কোৰোনাত আক্ৰান্ত হোৱা ৰাজ্যত শুকুৰবাৰৰ বিয়লি ৪বজালৈ আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৯৮, ৮০৮গৰাকী।

এনেবোৰ কাৰন পৰ্যালোচনা কৰিয়েই ৰাজ্য চৰকাৰে যে অচিৰেই বিশেষ কোনো সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে তাৰেই ইংগিত দিয়ে মুখ্য সচিব গৰাকীয়ে।