ভক্তৰ বাবে মুকলি হ’ল কামাখ্যা মন্দিৰ, দুই শতাধিক ভক্তৰ প্ৰৱেশ

ভক্তৰ বাবে মুকলি হ’ল কামাখ্যা মন্দিৰ, দুই শতাধিক ভক্তৰ প্ৰৱেশ

October 12, 2020 0 By NEWS DESK

প্ৰথম দিনাই এজন ভক্ত ক’ভিড-১৯ পজিটিভ

কামাখ্যা। অৱশেষত দীৰ্ঘদিনৰ অপেক্ষাৰ অন্তত ভক্তপ্ৰাণ ৰাইজৰ বাবে খােল খালে কামাখ্যা মন্দিৰৰ চৌহদুৰ দুৱাৰ।

পুৱা ৮.৩੦ বজাত ক’ভিডৰ বাবে নিৰ্ধাৰিত স্বাস্থ্যবিধি মানি মন্দিৰৰ চৌহদ ভক্তই পৰিক্ৰমা কৰিব পৰাকৈ মুকলি কৰা হয়।

প্ৰথম দিনটােত সৰ্বমুঠ ২১১ গৰাকী ভক্তই মন্দিৰ চৌহদৰ মুখ্য দুৱাৰেৰে প্ৰৱেশ কৰি মূল মন্দিৰৰ পৰিক্ৰমা কৰে।

উল্লেখ্য যে তীৰ্থযাত্ৰীসকলক নামনি কামাখ্যাত স্থাপন কৰা চিকিৎসা শিবিৰত ক’ভিড-১৯ পৰীক্ষা কৰাৰ পিছতহে মন্দিৰ চৌহদ পৰিক্ৰমাৰ কুপন প্ৰদান কৰা হয়।

ইয়াৰ লগতে মাস্ক নিপিন্ধা কােনাে ভক্ত, পূজাৰী-পাণ্ডা, কৰ্মচাৰীক মন্দিৰ চৌহদত প্ৰৱেশ কৰাটাে নিষিদ্ধ।

তিনিটাকৈ চেনিটাইজাৰ টানেলৰ মাজেৰে প্ৰৱেশ কৰাৰ পিছতহে প্ৰত্যেকগৰাকী ভক্তক মন্দিৰৰ পৰিক্ৰমাৰ অনুমতি দিয়া হয়।

উল্লেখ্য যে ক’ভিড-১৯ৰ বাবে দেশজুৰি বলৱৎ হােৱা তলাবন্ধৰ সময়তে ২੦ মাৰ্চৰ পৰা কামাখ্যা মন্দিৰ দেৱালয়ৰ চৌহদত ভক্তৰ প্ৰৱেশত নিষেধাজ্ঞা আৰােপ কৰা হৈছিল।