ভগৱান ৰাম নহয়, এইবাৰ নৰেন্দ্ৰ মোডীৰ ফটো বুকু ফালি দেখুৱাবলৈ সাজু এগৰাকী নেতা!

ভগৱান ৰাম নহয়, এইবাৰ নৰেন্দ্ৰ মোডীৰ ফটো বুকু ফালি দেখুৱাবলৈ সাজু এগৰাকী নেতা!

October 17, 2020 0 By NEWS DESK

ৰাম ভক্ত হনুমানৰ দৰেই এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওলাইছে এজন পৰম ভক্ত।

যি গৰাকী ভক্তই বুকু ফালি মোডীৰ ফটো দেখুৱাবলৈ সাজু হৈছে।

অবশ্যে তেওঁ কোনো সাধাৰণ লোক নহয়, তেওঁ হৈছে এখন ৰাজ্যৰ এগৰাকী আগশাৰীৰ ৰাজনৈতিক নেতা।

তেওঁ হৈছে বিহাৰৰ অতিকে জনপ্ৰিয় নেতা তথা সদ্য প্ৰয়াত কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাচ পাছৱানৰ সুদৰ্শন পুত্ৰ চিৰাগ পাছৱান।

চিৰাগে নিজকে হনুমান আখ্যা দি হনুমানৰ দৰেই বুকু ফালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবি দেখুৱাব পাৰিব বুলি মন্তব্য কৰিছে।

বিহাৰৰ নেতা নিতিশ কুমাৰক উদ্দেশ্য কৰি কয় যে, ডাঙৰ ডাঙৰ ছবি ব্যৱহাৰ কৰি নিৰ্বাচনী প্ৰচাৰ কৰাৰ বাবে প্ৰয়োজন তেখেতৰ হে মোদী ডাঙৰীয়া নাই। নৰেন্দ্ৰ মোদীৰ ছবি দেশৰ জনতাৰ বুকুত আছে। নিজেও আনকি বুকু ফালি দেখুৱাব পাৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবি।