NEWS8 NE

ভাগ কােৰোনা ভাগ! কোৰোনা খেদিবলৈ হাতত ভোটা লৈ গাঁওবাসীৰ দৌৰ, ভিডিঅ’ ভাইৰেল

নিউজ ডেস্ক। দেশত মাৰাত্মক কোৰোনা ভাইৰাছৰ সংক্ৰমণে লৈছে ভয়ংকৰ ৰূপ। আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ লগতে মৃত্যুৰ সংখ্যাও পাইছে বৃদ্ধি।

এই মহামাৰীৰ পৰা জনতাক সুৰক্ষা দিবলৈ চৰকাৰে প্ৰস্তুত কৰিছে বিভিন্ন বিধি। প্ৰতিষেধক প্ৰদানৰ পৰা লকডাউন প্ৰযোজ্যলৈকে কৰিছে ন ন নিয়ম। কিন্তু তেনে সময়তে এই মাৰাত্মক ভাইৰাছক নিঃশেষ কৰিবলৈ এক পন্থা অৱলম্বন কৰিলে এখন গাৱঁৰ ৰাইজে।

কোৰোনা খেদিবলৈ হাতে হাতে ভোটা লৈ গাৱঁৰ ৰাইজে ৰাতি উলিয়ালে সমদল। হাতত ভোটা লৈ দৌৰি দৌৰি শ্লোগান দিলে ‘ভাগ কোৰোনা ভাগ’ আৰু শেষত গাৱঁৰ এমূৰত সেই ভোটাসমূহ দলিয়াই দিলে গাওঁবাসিয়ে।

এই কাম দেওবাৰে নিশা কৰিলে মধ্য প্ৰদেশৰ আগাৰ মালৱা জিলাৰ গণেশপুৰা গাৱঁৰ ৰাইজে। এই দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে সৰ্বত্ৰে।

এই কাৰ্যৰ দ্বাৰা গাঁওবাসীয়ে তেওঁলোকৰ গাঁৱত কভিড-১৯ ৰোধ কৰিব পৰা যাব বুলি বিশ্বাস কৰিছে।

এই সন্দৰ্ভত গাঁও খনৰ এজন বাসিন্দাই কয় যে, তেওঁলোকৰ গাঁৱৰ জ্যেষ্ঠসকলে গাঁৱৰ সকলোকে কয় যে যেতিয়াই কোনো মহামাৰীৰ সৃষ্টি হয়, তেতিয়া গাৱঁৰ প্ৰত্যেক ঘৰ মানুহৰ এজনকৈ লোকে দেওবাৰে অথবা বুধবাৰৰ নিশা হাতত ভোটা লৈ গাৱঁৰ মূৰলৈ দৌৰি যাব লাগে। আৰু সেই সমূহ গাঁৱৰ সীমাত দলিয়াই দিব লাগে। এই কাৰ্যই গাঁও খনক মহামাৰীৰ পৰা সুৰক্ষা প্ৰদান কৰে।

লোক জনে লগতে কয় যে, যোৱা দুই তিনি দিনত প্ৰতিদিনে এজনকৈ লোকৰ গাওঁখনত মৃত্যু হৈছে। যিয়ে গাঁওখনত আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। গাঁওখনৰ যথেষ্ট লোক কেৱল জ্বৰত আক্ৰান্ত হৈছে। তাৰে কিছুমানৰ মৃত্যু হৈছে। জ্বৰৰ বাদে আন কোনো ৰোগ গাঁওখনত ধৰা পৰা নাই। সেয়েহে শান্তি পূৰ্ণ ভাৱে এই সমদল উলিওৱা হয়।

উল্লেখ্য যে যোৱা বৰ্ষৰ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠাৱালে যজ্ঞ কৰি গ’ কোৰোনা গ’ শ্লোগান দিছিল। যিটো বিশ্ব জুৰি জনপ্ৰিয় হৈছিল বুলি দাবী কৰিছিল মন্ত্ৰীজনে।

দেশৰ অন্যান্য ৰাজ্যতাে অনুৰূপ ধৰণে হাতত ভােটা নাই চাকি লৈ একাংশ লােকে কােৰােনা ভাইৰাছক আঁতৰাই পঠিয়াবলৈ প্ৰচেষ্টা চলােৱা ভিডিঅ’ পূৰ্বেও ভাইৰেল হৈছে।

Exit mobile version