Site icon NEWS8 NE

ভাতৃক লিভাৰ ‘উপহাৰ’ দি নতুন জীৱন প্ৰদান কৰিলে দুই ভগ্নীয়ে!

নিউজ ডেস্ক। হিন্দু ধৰ্মত ভাতৃ-ভগ্নীৰ বান্ধোনৰ প্ৰেমৰ প্ৰতীক উৎসৱ হৈছে ৰাখী বন্ধন।

দেওবাৰে দেশজুৰি উদযাপন কৰা হয় এই উৎসৱটি।

এইবাৰৰ ৰাখী বন্ধনৰ দিনা এনে এটা খবৰ পোহৰলৈ আহিছে যি ভাতৃ-ভগ্নীৰ এই বান্ধোনক অধিক শক্তিশালী কৰি তুলিছে। য’ত উত্তৰ প্ৰদেশৰ বদাউনৰ বাসিন্দা ১৪ বছৰীয়া কিশোৰ অক্ষতক তেওঁৰ দুই জ্যেষ্ঠ ভগ্নীয়ে অংগ দান কৰি এক অনন্য উপহাৰ প্ৰদান কৰিছে।

জানিব পৰা মতে, বহুদিনৰ পৰা অক্ষতৰ যকৃতে (Liver) সঠিকভাৱে কাম কৰা নাছিল। যাৰ বাবে তেওঁ দীৰ্ঘদিন ধৰি গুৰুতৰভাৱে অসুস্থ হৈ আছিল।

অক্ষতৰ ওজন ৯২ কিলোগ্ৰাম আছিল। সেয়েহে তেঁওৰ দুয়োগৰাকী ভগ্নীয়ে তেওঁক আধা লিভাৰ দান কৰিছিল।

এইটো এনে এটা দেশৰ প্ৰথম ঘটনা য’ত শিশুৰ ক্ষেত্ৰত যকৃত সংৰোপণৰ বাবে দুজন লোকে অংগ দান কৰিছে।

তেওঁলোকৰ অস্ত্ৰোপ্ৰচাৰ কৰা চিকিৎসকসকলে জনায় যে অক্ষতৰ শেহতীয়াকৈ গুৰগাঁৱৰ মেডান্ত চিকিৎসালয়ত অস্ত্ৰোপচাৰ কৰা হয়। এইটো এনেধৰণৰ প্ৰথম অস্ত্ৰোপচাৰ য’ত এটি শিশুৰ বাবে দুজন মানুহে অংগ দান কৰিছিল।

অক্ষত আৰু তেওঁৰ ভগ্নী নেহা (২৯) আৰু প্ৰেৰণা (২২) ৰাখী বন্ধন উৎসৱ উদযাপন কৰি সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি তেওঁলোকৰ অনুভূতি শ্বেয়াৰ কৰিছিল।

দুই ভগ্নীয়ে সংবাদ মাধ্যমৰ আগত কয়, “অক্ষতৰ যকৃতে দীৰ্ঘদিন কাম কৰা নাছিল। যাৰ বাবে সি জণ্ডিচ ৰোগত আক্ৰান্ত হৈ পৰিছিল আৰু যথেষ্ট অসুস্থ হৈ পৰিছিল। এই মুহূৰ্তত সি স্বাস্থ্যৱান আৰু আমি দুয়োগৰাকী ভগ্নীও সুস্থ হৈ আছো। এইটো এটা অতি কঠিন অস্ত্ৰোপচাৰ আছিল। কিয়নো এই অস্ত্ৰোপচাৰৰ বাবে আমি তিনিজন ভাতৃ-ভগ্নী একেলগে অস্ত্ৰোপচাৰৰ কক্ষলৈ গৈছিলো। এইটো আমাৰ মা-দেউতাৰ বাবেও বহুত কঠিন সময় আছিল। কিন্তু অস্ত্ৰোপচাৰটো সফলভাৱে সমাপন হৈছিল। আৰু এতিয়া আমি তিনিওজন আৰোগ্য হৈ উঠিছো।”

উল্লেখ্য যে এই অস্ত্ৰোপচাৰটো জুলাই মাহত সম্পন্ন হৈছিল।

Exit mobile version