Site icon NEWS8 NE

ভাতৃ-ভগ্নী একেলগে হ’ল চাৰ্টাৰ্ড একাউণ্টেণ্ট, দেশৰ ভিতৰত শীৰ্ষ স্থান লাভ ভগ্নীৰ

নিউজ ডেস্ক। বাণিজ্য শাখাত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰী সকলৰ বেছি ভাগৰেই সপোন থাকে চাৰ্টাৰ্ড একাউণ্টেণ্ট (CA) হোৱাৰ। সেই সফলতা লাভৰ বাবে বহুতেই কৰে বহুতো কষ্ট।

কোনোৱে যদি তেনে সফলতা লাভ কৰে, তেতিয়া ঘৰ, পৰিয়াল তথা আত্মীয় সকলোৱে গৌৰৱ অনুভৱ কৰে। কিন্তু এখন ঘৰৰ দুই সন্তানে যদি একেলগে তেনে সফলতা লাভ কৰে, তেন্তে সেইয়া কিমান আনন্দদায়ক হ’ব পাৰে পোৱাজনেহে বুজিব পাৰিব।

এইবাৰ তেনে এক সফলতাই লাভ কৰিলে দুই ভাতৃ-ভগ্নীয়ে।

সৰ্বভাৰতীয় চাৰ্টাৰ্ড একাউণ্টেণ্টছ পৰীক্ষাত প্ৰথম প্ৰচেষ্টাতে সুখ্যাতিৰে উত্তীৰ্ণ হল দুয়ো। এই সফলতা লাভ কৰিলে মধ্য প্ৰদেশৰ মোৰেনাৰ দুই সন্তানে। তেওঁলোক হল ক্ৰমে নন্দিনী আগৰৱালা আৰু শচীন আগৰৱালা।

জানিব পৰা মতে, চিএ চূড়ান্ত পৰীক্ষাত নন্দিনীয়ে লাভ কৰিলে দেশৰ ভিতৰতে শীৰ্ষ স্থান। অৰ্থাৎ এই পৰীক্ষাত নন্দিনীয়ে সমগ্ৰ দেশৰ ভিতৰতে প্ৰথম স্থান লাভ কৰে। আনহাতে তেওঁৰ ভাতৃ শচীনে দেশৰ ভিতৰতে লাভ কৰে ১৮ সংখ্যক স্থান।

দৰাচলতে ইনষ্টিটিউট অফ চাৰ্টাৰ্ড একাউণ্টেণ্টছ অৱ ইণ্ডিয়াই সোমবাৰে প্ৰকাশ কৰে চিএ ফাইনেল আৰু ফাউণ্ডেচনৰ ফলাফল। সেই পৰীক্ষাতেই দুয়ো উত্তীৰ্ণ হয় সুখ্যাতিৰে।

তেওঁলোক সৰুৰে পৰা মোৰেনাৰ ভিক্টৰ কনভেন্ট স্কুলত অধ্যয়ন কৰিছিল আৰু দুয়োৱে একেলগে পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিল। নন্দিনীয়ে ৮০০ ৰ ভিতৰত ৬১৪ নম্বৰ লাভ কৰি দেশৰ ভিতৰতে প্ৰথম হ’বলৈ সক্ষম হয়।

নন্দিনী আৰু শচীনে কয় যে তেওঁলোক দুয়োজনে একেলগে প্ৰস্তুতি চলাইছিল। তেওঁলোকে অধ্যয়নত যথেষ্ট গুৰুত্ব দিছিল। দুয়োজনে নিজৰ নিজৰ প্ৰশ্নকাকত সমাধান কৰাৰ পিছত ইজনে সিজনৰ প্ৰতিলিপি পৰীক্ষা কৰিছিল।

নন্দিনীয়ে কয় যে, তেওঁ আৰু ভাতৃ ভাগ্যৱান আছিল যে তেওঁলোকে প্ৰথম প্ৰচেষ্টাত সফল হ’বলৈ সক্ষম হয়।

সাধাৰণতে যেতিয়া এনে পৰীক্ষা দুই বা তিনিবাৰ চেষ্টা কৰাৰ পিছত সফল নহয়, তেতিয়া পৰিয়াল আৰু বন্ধুবৰ্গৰ চাপ থাকে। কিন্তু তেওঁলোকৰ সৈতে তেনে একো হোৱা নাছিল। নন্দিনীয়ে প্ৰকাশ কৰে যে তেওঁৰ পিতৃ-মাতৃয়ে তেওঁ প্ৰস্তুতি কৰোতে সম্পূৰ্ণ শ্ৰেষ্ঠতা লাভ কৰাত সহায় কৰিছিল আৰু সদায় তেওঁক উৎসাহিত কৰিছিল।

ভাতৃ শচীনে কয় যে, তেওঁ সুখী যে তেওঁ আৰু তেওঁৰ ভগ্নী দুয়োৱে এক ভাল সফলতা লাভ কৰিছে। তেওঁ ৭০% নম্বৰ লাভ কৰিছে আৰু তাৰ বাবে তেওঁ সন্তুষ্ট। তেওঁ জানিছিল যে তেওঁৰ ভগ্নী নন্দিনীয়ে ভাল প্ৰদৰ্শন কৰিব। কঠোৰ পৰিশ্ৰমৰ বাবে নন্দিনীয়ে প্ৰথম স্থান লাভ কৰিছে।

উল্লেখ্য যে তেওঁলোক দুয়োজন সাধাৰণ পৰিয়ালৰ সন্তান। তেওঁলোকৰ পিতৃ-মাতৃ ক্ৰমে নৰেশ চন্দ্ৰ গুপ্তা আৰু ডিম্পল গুপ্তা। পিতৃ এজন আয়কৰ পৰামৰ্শদাতা হোৱাৰ বিপৰীতে মাতৃ এগৰাকী গৃহিনী।

তেওঁলোকৰ এই সফলতাত দুয়োকে শুভেচ্ছা জনায় মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে।

মুখ্যমন্ত্ৰীয়ে টুইট কৰি কয় যে “পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত প্ৰথম স্থান লাভ কৰাৰ বাবে নন্দিনী আগৰৱালাক আন্তৰিক অভিনন্দন আৰু সৰ্বভাৰতীয় পৰ্যায়ত ১৮ সংখ্যক স্থান লাভ কৰাৰ বাবে তেওঁৰ ভাতৃ শচীনক শুভেচ্ছা জনাইছো। আমি তোমালোকক লৈ গৌৰৱান্বিত।”

Exit mobile version