NEWS8 NE

ভাল খবৰ! টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন মিৰাবাই চানুৰ

নিউজ ডেস্ক। উত্তৰ পূৱবাসীৰ বাবে পুনৰ এক ভাল খবৰ।

আগন্তুক টকিঅ’ অলিম্পিক লৈ যোগ্যতা অৰ্জন কৰিলে আন এগৰাকী প্ৰতিভাৱান খেলুৱৈয়ে।

তেওঁ হ’ল মণিপুৰৰ ভাৰত্তোলনৰ খেলুৱৈ মিৰাবাই চানু।

শনিবাৰে এই কথা নিশ্চিত কৰে আন্তঃৰাষ্ট্ৰীয় ভাৰত্তোলন ফেডাৰেশ্যনে। চানুৱে মহিলাৰ ৪৯ কিলো শাখাত অংশ ল’ব অলিম্পিকত।

চানু হৈছে ২০১৭ ৰ ভাৰত্তোলনৰ বিশ্ব চেম্পিয়ন।

যোৱা এপ্ৰিলত টাচকেন্দত অনুষ্ঠিত হোৱা এছিয়ান চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰি তেওঁ নিশ্চিত কৰিছিল অলিম্পিকত স্থান।

অৱশ্যে আন্তঃৰাষ্ট্ৰীয় ভাৰত্তোলন ফেডাৰেশ্যনে প্ৰকাশ কৰা ৰেংকিং তালিকা অনুসৰিহে যোগ্যতা অৰ্জন কৰে ২৭ বছৰীয়া খেলুৱৈ গৰাকীয়ে।

তেওঁ ‘ক্লিন এণ্ড জাৰ্ক’ত ৪১৩৩, ৬১৭২ পইণ্টেৰে ৪৯ কিলো শাখাত দ্বিতীয় স্থান লাভেৰে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰে।

উল্লেখ্য যে তালিকাত চানুৰ স্থান আছিল চতুৰ্থত। কিন্তু উত্তৰ কোৰিয়াই ভাৰত্তোলনত নিজৰ নাম প্ৰত্যাহাৰ কৰাৰ বাবে ভাৰতীয় খেলুৱৈ গৰাকীৰ স্থান দ্বিতীয়লৈ উন্নীত হয়।

চানুৰ এইয়া হ’ব অলিম্পিকত দ্বিতীয় বাৰৰ বাবে অংশগ্ৰহণ। ইয়াৰ পূৰ্বে তেওঁ ৰিঅ’ অলিম্পিকত ‘ক্লিন এণ্ড জাৰ্ক’ প্ৰদৰ্শন কৰাত ব্যৰ্থ হৈছিল।

Exit mobile version