ভাল খবৰ ! শীঘ্ৰেই কৰ’ণাক পৰাজিত কৰি ঘৰলৈ উভতিব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ…

ভাল খবৰ ! শীঘ্ৰেই কৰ’ণাক পৰাজিত কৰি ঘৰলৈ উভতিব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ…

September 3, 2020 0 By NEWS DESK

ৰাজ্যত শেহতীয়াভাৱে অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে বৃদ্ধি হৈছে কৰ’ণাই প্ৰাণ লোৱা লোকৰ সংখ্যা।

ইয়াৰ মাজতে কৰ’ণাত আক্ৰান্ত হৈ অসুস্থ হৈ পৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।

কিন্তু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাই শেহতীয়াভাৱে জানিবলৈ দিয়া অনুসৰি ক্ৰমাৎ সুস্থ হৈছে তৰুণ গগৈ।

যদিহে সকলো ভালে থাকে তেতিয়া তেওঁ আৰু ৩-৪দিনৰ পিছতে আহিব পাৰিব ঘৰলৈ।

জিএমচিৰ অধ্যক্ষগৰাকীয়ে কয়- ‘তেখেত ভাল হৈছে। চকীত বহি আজি পুৱাৰ আহাৰ খাইছে। অক্সিজেনৰ লেভেলো ৯৬ৰ ৯৮ শতাংশ হৈ আছে।’