ভাল খবৰ ! সপ্তম দৰমহা আয়োগে বৃদ্ধি কৰিব কেন্দ্ৰীয় কৰ্মচাৰীৰ মৰগীয়া ভাত্তা…

ভাল খবৰ ! সপ্তম দৰমহা আয়োগে বৃদ্ধি কৰিব কেন্দ্ৰীয় কৰ্মচাৰীৰ মৰগীয়া ভাত্তা…

October 21, 2020 0 By NEWS DESK

কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবে আন এক সুখবৰ।

দীপাৱলীৰ পূৰ্বে বৃদ্ধি কৰা হ’ব কৰ্মচাৰীসকলৰ মৰগীয়া বানচ।

কেন্দ্ৰীয় ঔদ্যোগিক প্ৰতিষ্ঠানসমূহত কৰ্মৰত কৰ্মচাৰীসকলৰ মৰগীয়া বানচ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সপ্তম দৰমহা আয়োগে।

কোভিড পৰিস্থিতিৰ মাজতে মৰগীয়া বানচ বৃদ্ধিৰে দৰমহা বৃদ্ধিৰ পৰিকল্পনা সাজু কৰিছে কেন্দ্ৰীয় চৰকাৰে।

কৰ্মচাৰীসকলে মগৰীয়া বানচসহ বৰ্দ্ধিত বেতন আগন্তুক দীপাৱলি পূৰ্বে পোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে।

কেন্দ্ৰীয় চৰকাৰে সলনি কৰিব কনজিউমাৰ প্রাইচ ইনডেস্ক (চি পি আই)–ইণ্ডাষ্ট্রিয়েল ৱর্কার্ছৰ (আই ডব্লিউ) ভিত্তিবর্ষ।

এই ভিত্তিবর্ষ সলনি কৰিলে ৪৫ লাখতকৈও অধিক কেন্দ্রীয় চৰকাৰৰ কর্মচাৰী, পেন্সনাৰ আৰু ঔদ্যোগিক কর্মীৰ বৃদ্ধি পাব দৰমহা৷

২০০১ৰ পৰা ২০১৬ চনক ভিত্তি কৰি কেন্দ্ৰীয় ঔদ্যোগিক প্ৰতিষ্ঠান কৰ্মৰত কৰ্মচাৰীসকলৰ বাবে নতুন কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স নিৰ্ধাৰণৰ বাবে প্ৰস্তুতি চলোৱা হৈছে।

বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে ১৭ শতাংশ হাৰত লাভ কৰে মৰগীয়া বানচ।