ভাৰতক পৰামৰ্শ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰঃ বৃদ্ধি কৰক কয়লাৰ বিকল্প ইন্ধনৰ ব্যৱহাৰ

ভাৰতক পৰামৰ্শ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰঃ বৃদ্ধি কৰক কয়লাৰ বিকল্প ইন্ধনৰ ব্যৱহাৰ

August 29, 2020 0 By NEWS DESK


ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এন্টনীঅ’ গুটেৰেছে ভাৰতক কয়লাৰ ব্যৱহাৰ স্থায়ীভাৱে বন্ধ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে।

‘ভাৰতে কয়লাৰ ব্যৱহাৰ অতিশীঘ্ৰে আৰু স্থায়ীভাৱে বন্ধ কৰাটো জৰুৰী হৈ পৰিছে’- এই মন্তব্য ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান এণ্টনীঅ’ গুটেৰেছৰ।

বিশ্বই সন্মুখীন হোৱা জলবায়ু সংকটৰ মোকাবিলা কৰিবলৈ অধিক কাৰ্যব্যৱস্থা হাতত লোৱাৰ পোষকতা কৰে সচিবপ্ৰধানগৰাকীয়ে।

ভাৰ্চুৱেল মাধ্যমত মন্তব্য কৰি তেওঁ কয় যে ভাৰতে পৰ্যায়ক্ৰমে কয়লা ব্যৱহাৰ কমাই আনিব লাগে আৰু সেয়া অন্ত পেলোৱাৰ দৰকাৰ।

খনিজ ইন্ধনৰ ব্যৱহাৰৰ পৰা যদি পুনৰ নৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰৰ দিশত ভাৰত আগবাঢ়ে, তেন্তে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজখনত প্ৰকৃত বৈশ্বিক মহাশক্তিৰূপে পৰিগণিত হ’ব।

গুটেৰেছে কয় যে ভাৰতে যদি কয়লাৰ ওপৰত নিৰ্ভৰশীল হৈ তাকে, তেন্তে দেশখনৰ নাগৰিকেই ইয়াৰ কুফল ভুগিব।

খনিজ ইন্ধনত অধিক নিৰ্ভৰ মানেই অধিক ৰোগ আৰু অধিক মৃত্যু।