Site icon NEWS8 NE

ভাৰতীয় চলচ্ছিত্ৰৰ কিংবদন্তি নায়িকা শ্ৰীদেৱীক লৈ ৰচনা কৰা হৈছে জীৱনী! ঘোষণা স্বামী তথা চলচ্ছিত্ৰ নিৰ্মাতা বনী কাপুৰৰ

নিউজ ডেস্কঃ ভাৰতীয় ছবিজগতৰ কিংবদন্তি নায়িকা শ্ৰীদেৱীৰ জীৱনীৰ নাম ঘোষণা।

প্ৰয়াত অভিনেত্ৰীগৰাকীৰ স্বামী তথা চলচ্ছিত্ৰ নিৰ্মাতা বনী কাপুৰে ঘোষণা কৰে জীৱনীখনৰ নাম।

শ্ৰীদেৱীক লৈ ৰচনা কৰা আত্মজীৱনীৰ নাম হৈছে ‘দ্য লাইফ অৱ এ লিজেণ্ড’।

সামাজিক মাধ্যমত এই নাম ঘোষণা কৰি বনী কাপুৰে কয়, “শ্ৰীদেৱী আছিল প্ৰকৃতিৰ শক্তি। যেতিয়া তেওঁ নিজৰ কলাক পৰ্দাত অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছিল তেতিয়া তেওঁ আটাইতকৈ সুখী হৈছিল।

কিন্তু ব্যক্তিগত জীৱনত শ্ৰীদেৱী উগ্ৰ ব্যক্তিত্বৰ অধিকাৰী আছিল বুলিও মন্তব্য বনী কাপুৰৰ।

ভাৰতীয় চলচ্ছিত্ৰৰ মহানায়িকা গৰাকীক লৈ এই গ্ৰন্থখন ৰচনা কৰিছে শ্ৰীদেৱীৰ পৰিয়ালৰে সদস্য হিচাপে পৰিচিত গৱেষক, স্তম্ভলেখক আৰু সাহিত্যিক ধীৰাজ কুমাৰে।

ভাৰতীয় চিনেমাত অতুলনীয় কেৰিয়াৰ গঢ়ি তোলা ছুপাৰষ্টাৰ শ্ৰীদেৱীৰ সম্পূৰ্ণ প্ৰতিকৃতি অংকন কৰা হৈছে কিতাপখনত।

উল্লেখ্য যে, শ্ৰীদেৱীয়ে তামিল, তেলেগু, মালয়ালম, কানাড়া আৰু হিন্দী ভাষাত ৩০০ৰো অধিক ছবিত কাম কৰিছিল।

তেওঁৰ অৱদানৰ বাবে পদ্মশ্ৰী সন্মান, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ৰাজ্য চৰকাৰৰ বঁটা আৰু আন্তঃৰাষ্ট্ৰীয় বঁটাৰেও সন্মানিত কৰা হৈছিল।

২০১৮ চনৰ ২৪ ফেব্ৰুৱাৰীত ডুবাইৰ হোটেলত আকস্মিকভাৱে মৃত্যুক সাৱটি লয় এইগৰাকী কিংবদন্তি অভিনেত্ৰীয়ে।

Exit mobile version