ভাৰতীয় ক্ৰিকেটাৰ ৰোহিত শৰ্মাৰ নাম চলিত বৰ্ষৰ ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ বাবে মনোনীত !

ভাৰতীয় ক্ৰিকেটাৰ ৰোহিত শৰ্মাৰ নাম চলিত বৰ্ষৰ ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ বাবে মনোনীত !

August 19, 2020 0 By NEWS DESK

ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ বাবে মনোনীত হৈছে ক্ৰিকেটাৰ ৰোহিত শৰ্মা।

ভাৰতীয় ক্ৰিকেটাৰ ৰোহিত শৰ্মাৰ নাম চলিত বৰ্ষৰ ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ বাবে মনোনীত কৰা হৈছে।

ৰোহিত শৰ্মাৰ লগতে মল্লযোদ্ধা বিনেশ ফোগাতো মনোনীত হৈছে।

তালিকাত নাম আছে মহিলা হকী খেলুৱৈ ৰাণী ৰামপাল, টেবুল টেনিছ খেলুৱৈ মনিকা বাট্ৰা আৰু পেৰা অলিম্পিকত সোণৰ পদক বিজয়ী লং জাম্পাৰ মাৰিয়াপ্পান থাংগাভেলু।

ক্ৰীড়া মন্ত্ৰালয়ৰ ১২ গৰাকী নিৰ্বাচক সমিতিয়ে মঙলবাৰে খেল ৰত্ন বঁটাৰ বাবে তেওঁলোকক মনোনীত কৰিলে।