ভাৰতীয় নিৰ্বাচন আয়োগে ঘোষণা কৰিলে ৰাজ্যসভাৰ ১১ খন আসনৰ বাবে নিৰ্বাচনৰ দিন !

ভাৰতীয় নিৰ্বাচন আয়োগে ঘোষণা কৰিলে ৰাজ্যসভাৰ ১১ খন আসনৰ বাবে নিৰ্বাচনৰ দিন !

October 13, 2020 0 By NEWS DESK

ভাৰতীয় নিৰ্বাচন আয়োগে ঘোষণা কৰিলে ৰাজ্যসভাৰ ১১ খন আসনৰ বাবে নিৰ্বাচনৰ দিন।

এই আসন কেইখনৰ বাবে অহা ৯ নৱেম্বৰত অনুষ্ঠিত হ’ব নিৰ্বাচন।

নিৰ্বাচন অনুষ্ঠিত হোৱাৰ দিনাই সন্ধিয়া ভোট গণনা হ’ব বুলিও জনায়।

নিৰ্বাচন হ’বলগীয়া ১১ খন আসনৰ ১০ খন উত্তৰ প্ৰদেশ আৰু এখন উত্তৰাখণ্ডৰ।

এই আসন কেইখনৰ সদস্যৰ কাৰ্যকাল অহা ২৫ নৱেম্বৰত সমাপ্ত হ’ব।

নিৰ্বাচনৰ বাবে অহা ২০ অক্টোবৰত অধিসূচনা জাৰি কৰিব।

২৭ অক্টোবৰ মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে।

আনহাতে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হিচাপে নিৰ্ধাৰণ কৰিছে ২ নৱেম্বৰ।

ভোটদান প্ৰক্ৰিয়া ৰাতিপুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈকে চলিব।