NEWS8 NE

ভাৰতীয় মূলৰ ঋষি সুনকক পৰাস্ত কৰি ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত লিজ ট্ৰাছ

নিউজ ডেস্কঃ ভাৰতীয় মূলৰ ঋষি সুনকক পৰাস্ত কৰি ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হ’ল লিজ ট্ৰাছ। বৰিছ জনছনৰ পদত্যাগৰ পিছত দেশখনৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় লিজ ট্ৰাছ। জানিব পৰা মতে, তেওঁ মঙলবাৰে প্ৰধামন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী নিৰ্বাচনত লিজ ট্ৰাছে ৮১,৩২৬ টা ভোট লাভ কৰাৰ বিপৰীতে ঋষি সুনকে লাভ কৰে ৬০,৩৯৯টা ভোট। ইয়াৰ পিছতে দেশখনৰ তৃতীয়গৰাকী মহিলা প্ৰধানমন্ত্ৰী ৰূপে নিৰ্বাচিত হয় লিছ ট্ৰাছ। ইয়াৰ পূৰ্বে মাৰ্গাৰেট থেচাৰ আৰু থেৰেচাই ৰাষ্ট্ৰখনৰ মহিলা প্ৰধানমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।

উল্লেখ্য যে, যোৱা ৭ জুলাইত বৰিছ জনছনে দলৰ নেতা পদৰ পৰা পদত্যাগ কৰিছিল। ইয়াৰ পিছত কনজাৰ্ভেটিভ পাৰ্টিত ভাৰতীয় মূলৰ ঋষি সুনকৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী পদৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় লিজ ট্ৰাছে। নিৰ্বাচনত দলটোৰ প্ৰায় ১.৬০ লাখ সদস্যই ভোটদান কৰে।

ইফালে প্ৰধানমন্ত্ৰী নিৰ্বাচনত পৰাস্ত হোৱা ইয়ৰ্কশ্বাৰৰ ৰিচমণ্ডৰ সাংসদ ভাৰতীয় মূলৰ ঋষি সুনকে কয় যে তেওঁ লিছ ট্ৰাছৰ হাতত পৰাস্ত হ’লেও নিজৰ সমষ্টিৰ হৈ সদায় কাম কৰি যাব আৰু চৰকাৰক সহযোগিতা আগবঢ়াব।

Exit mobile version