ভাৰতীয় সেনাৰ সহযােগ, তামোলৰ ঢকুৱাৰে স্বাৱলম্বনৰ সপোন প্ৰাক্তন উগ্ৰপন্থীৰ

ভাৰতীয় সেনাৰ সহযােগ, তামোলৰ ঢকুৱাৰে স্বাৱলম্বনৰ সপোন প্ৰাক্তন উগ্ৰপন্থীৰ

September 4, 2020 0 By NEWS DESK

দেশৰ সীমান্তৰ নিৰাপত্তাৰ লগতে সময়ে-সময়ে বিভিন্ন জনহিতৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে ভাৰতীয় সেনাই।

অসমতাে ভাৰতীয় সেনা বাহিনীয়ে প্ৰাক্তন উগ্ৰপন্থী সংগঠনৰ সদস্য সকলৰ আত্মনিয়োগৰ বাবে বহু নতুন প্ৰকল্প গ্ৰহণ কৰিছে।

যাৰ ফলত একালৰ দুৰ্ধৰ্ষ উগ্ৰপন্থী বৰ্তমানে হৈ পৰিছে এক আত্মনিৰ্ভৰ।

ভাৰত-ভূটান সীমান্তত তামোলপুৰত সেনাৰ এনে উদ্যােগৰ বাবে স্বাৱলম্বী হৈ পৰিছে এই যুৱকসকল।

উগ্ৰপন্থী সংগঠনৰ পৰা আহি ভাৰতীয় সেনাৰ অপাৰেচন সদ্ভাৱনাৰ অধীনত পুনেৰ অসীম ফাউণ্ডেশ্বনৰ সহযোগিতাত জৈৱিক পদ্ধতিৰে তামোলৰ পাত তৈয়াৰ কৰা কাৰখানাৰ প্ৰশিক্ষণ লৈ এতিয়া উৎপাদন কাৰ্য আৰম্ভ কৰিছে।।

প্ৰদূষণ মুক্ত এই পাত অসম তথা বিভিন্ন ঠাইত খাদ্য গ্ৰহণ কৰাৰ বাবে উপযোগী।

এই প্ৰজেক্টৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে আৰ্থিক দিশ টনকিয়াল কৰি আত্মনিৰ্ভৰশীল হৈ নিজক স্বৱলম্বী কৰা।

তেজপুৰস্থ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লে কৰ্ণেল হৰ্ষ বৰ্ধন পাণ্ডেয়ে কয়- পৰৱৰ্তী সময়ত এই উদ্যোগ বহল ভিত্তিত কৰিবলৈ অতিৰিক্ত মেচিন যোগান ধৰা হ’ব আৰু এই ব্যৱয়াসৰ প্ৰসাৰৰ বাবে অধিক পদক্ষেপ গ্ৰহণ কৰা হ’ব।