ভাৰতীয় সেনা প্ৰধান এম এম নাৰাভানেক নেপাল চৰকাৰে আগবঢ়াব ‘জেনেৰেল অৱ নেপালী আৰ্মী’ সন্মান !

ভাৰতীয় সেনা প্ৰধান এম এম নাৰাভানেক নেপাল চৰকাৰে আগবঢ়াব ‘জেনেৰেল অৱ নেপালী আৰ্মী’ সন্মান !

October 15, 2020 0 By NEWS DESK

ভাৰত-নেপালৰ মাজত অব্যাহত আছে তীব্ৰ সংঘাত।

বিশেষকৈ নেপালে ভাৰতৰ লিপুলেখ, কালাপানী আদি অঞ্চল সামৰি নতুন মানচিত্ৰ প্ৰকাশ কৰাৰ পিছতে ভাৰতৰ সৈতে নেপালৰ সম্পৰ্কৰ অধিক অৱনতি ঘটিছিল।

এনে জটিলতাৰ মাজতে ভাৰতৰ সেনা প্ৰধান এম এম নাৰাভানেক ‘জেনেৰেল অৱ নেপালী আৰ্মী’ সন্মানেৰে সন্মানিত কৰিব নেপাল চৰকাৰে।

Image

নেপালৰ ৰাষ্ট্ৰপতি বি্দ্যা দেৱী ভাণ্ডাৰীয়ে ভাৰতৰ সেনা প্ৰধান গৰাকীক এই সন্মাণ প্ৰদান কৰিব বুলি নেপাল চৰকাৰৰ সূত্ৰই প্ৰকাশ কৰিছে।

ইয়াকে লৈ নৱেম্বৰ মাহৰ প্ৰথম ভাগতে ভাৰতৰ সেনা প্ৰধান গৰাকীয়ে নেপাললৈ যাব বুলি জানিব পৰা গৈছে।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল শেহতীয়াভাৱে ভাৰতৰ সৈতে সীমা সমস্যাক লৈ নেপালে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰাও পৰিলক্ষিত হৈছে।

Image

এনে পৰিস্থিতিৰ মাজতে নেপালে ভাৰতৰ সেনা প্ৰধানক নেপালী সেনাৰ জেনেৰেল হিচাবে সন্মাণিত কৰিবলৈ ওলোৱাৰ কথা বিশেষ তাৎপৰ্য বহন কৰিছে।