ভাৰতে শীঘ্ৰেই লাভ কৰিব আৰু ৩ খন অত্যাধুনিক ৰাফেল যুদ্ধবিমান!

ভাৰতে শীঘ্ৰেই লাভ কৰিব আৰু ৩ খন অত্যাধুনিক ৰাফেল যুদ্ধবিমান!

October 17, 2020 0 By NEWS DESK

অধিক শক্তিশালী হ’ব ভাৰতীয় বায়ু সেনা।

আগন্তুক দিনত শত্ৰুক পৰাভূত কৰিব পৰাকৈ শক্তিশালী ৰূপত নিজকে সাজো কৰি তুলিছে ভাৰতে।

এইবাৰ পুনৰ ভাৰতে লাভ কৰিব আৰু তিনিখন শক্তিশালী ৰাফেল বিমান।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি, নৱেম্বৰৰ প্রথম সপ্তাহতেই ফ্রান্সৰ পৰা হাৰিয়ানাৰ আম্বালা এয়াৰবেছত উপস্থিত হ’ব এই ৩ খন ৰাফেল।

উল্লেখ্য যে, ভাৰতে ফ্ৰাঞ্চৰ সৈতে প্ৰায় ৪ বছৰৰ আগতে ৫৯০০০ কোটি টকাৰে ৩৬ খন বিমান ক্ৰয় কৰা চুক্তি কৰিছিল।

উল্লেখ্য যে ইয়াৰে ৫ খন ছেপ্টেম্বৰত লাভ কৰিলে ভাৰতে।

এই ৰাফেল বিমান আহি পোৱাৰ লগে লগে ভাৰতৰ মুঠ বিমানৰ সংখ্যা হৈ পৰিব ৮ খন।

ৰাফেল বিমানসমুহক উৰুৱাৰ দায়িত্ব ১৭ জন গোল্ডেন স্কুৱাড্ৰনক প্ৰদান কৰা হৈছে।