ভাৰত চৰকাৰৰ চীনা এপ্ নিষিদ্ধকৰণৰ তীব্ৰ প্ৰতিবাদ চীনৰ

ভাৰত চৰকাৰৰ চীনা এপ্ নিষিদ্ধকৰণৰ তীব্ৰ প্ৰতিবাদ চীনৰ

September 4, 2020 0 By NEWS DESK

ভাৰত চৰকাৰে দ্বিতীৰবাৰলৈ চীনা ম’বাইল এপ্ নিষিদ্ধ কৰা কাৰ্যত জাঙুৰ খাই উঠিছে চীন।

পাবজিকে ধৰি ১১৮ টাৰো অধিক চীনা এপ নিষিদ্ধ কৰাৰ ভাৰতৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে দেশখনে।

চীনৰ বাণিজ্য মন্ত্ৰণমালয়ে এই বিষয়ে কয় যে ভাৰতৰ কাৰ্যই চীনা বিনিয়োগকাৰী আৰু সেৱা প্ৰদানকাৰীৰ আইনী অধিকাৰ ভংগ কৰিছে।

সেয়েহে ভাৰতে নিজৰ ভুল শুধৰোৱা উচিত।

বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰ গাৱ ফেঙে এখন অনলাইন সংবাদমেলত কয় যে ভাৰতে চীনা কোম্পানীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ধাৰণাক দুৰ্ব্যৱহাৰ কৰাৰ লগতে এইক্ষেত্ৰত বিভেদকামী প্ৰতিবন্ধকতা আৰোপ কৰিছে।

আনহাতে, আমেৰিকাই চীনা প্ৰযুক্তি ৰোধৰ উদ্যোগ গ্ৰহণৰ সময়তে ভাৰতেও আমেৰিকাৰ হেঁচাতে এনে এপৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰা বুলি বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ হুৱা ছানিঙে অভিযোগ কৰে।