NEWS8 NE

ভাৰত-বাংলাদেশ সীমান্তত উগ্ৰপন্থীৰে সংঘৰ্ষত শ্বহীদ বিএছএফ জােৱান

নিউজ ডেস্ক। পুনৰ দেশৰ সীমান্তৰ সুৰক্ষাৰ দায়িত্বত নিয়ােজিত সীমা সুৰক্ষা বাহিনী চমুকৈ বিএছএফৰ জােৱন শ্বহীদ হ’ল।

এইবাৰ গাে মাফিয়া নহয়, উগ্ৰপন্থী সংগঠনৰ সৈতে হােৱা সংঘৰ্ষত প্ৰাণ ত্যাগ কৰিলে বিএছএফ জােৱানে।

এইবাৰ ঘটনাৰ স্থান ত্ৰিপুৰা, মিজােৰমৰ সৈতে সংলগ্ন ভাৰত-বাংলাদেশ সীমান্ত।

শ্বহীদ জােৱানজনৰ নাম গিৰজেশ কুমাৰ উদে বুলি জানিব পৰা গৈছে। এই জােৱানজন বিএছএফত হেড কনিষ্টবল আছিল।

জানিব পৰা মতে, ত্ৰিপুৰাৰ কাঞ্চনপুৰ মহকুমাৰ ত্ৰিপুৰা-মিজােৰাম সৈতে সংলগ্ন ভাৰত-বাংলাদেশ সীমান্তত নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অৱ ত্ৰিপুৰা চমুকৈ এন এল এফ টিৰ উগ্ৰপন্থীৰ সৈতে হোৱা সংঘৰ্ষত গুলীবিদ্ধ হয় জােৱানজন।

কিন্তু ঘটনাস্থলীৰ পৰা চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যুক আঁকােৱালি লয় জােৱানজনে।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, বি এছ এফৰ এটা দলে অভিযান চলাই থকাৰ সময়তে বাংলাদেশৰ ফালৰ পৰা গুলীচালনা আৰম্ভ হয়। এই আক্ৰমণত দুজন জোৱান গুলীবিদ্ধ হয়।

বি এছ এফ জোৱানসকলেও প্ৰত্যুত্তৰত উগ্ৰপন্থীৰ দলটোলৈ লক্ষ্য কৰি গুলীচালনা কৰে।

Exit mobile version