ভাৰত-বাংলাদেশ সীমান্তত শিশু-মহিলাসহ ৭ বাংলাদেশী আটক BSF ৰ

ভাৰত-বাংলাদেশ সীমান্তত শিশু-মহিলাসহ ৭ বাংলাদেশী আটক BSF ৰ

August 29, 2020 0 By NEWS DESK

ভাৰত বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ জৰিয়তে বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশৰ ঘটনা অব্যাহত আছে।

বুধবাৰে অনুপ্ৰৱেশৰ চেষ্টা চলাওঁতে ভাৰতত প্ৰৱেশ কৰা ৭ বাংলাদেশী নাগৰিকক আটক কৰে সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফে।

জানিব পৰা মতে, যােৱা ২৬ আগষ্টত পশ্চিম বংগৰ নাদিয়া জিলাৰ বিএছএফৰ মহেন্দ্ৰ তালাচী চকীত আটক কৰা হয় আটাইকেইজনক।

তেওঁলোকক পৰিচয় পত্ৰ দেখুৱাবলৈ কোৱাত অসমৰ্থ হয় আটাইকেইজন।

আটাইকেইজনৰ পৰা ২,১০৬ বাংলাদেশী টাকা লাভ কৰে বিএছএফে।

এই ৭ বাংলাদেশীৰ দুগৰাকী মহিলা হাইদৰাবদলৈ আৰু বাকীসকল চেন্নাই লৈ শ্ৰমিক হিচাপে কাম কৰিবলৈ অহাৰ কথা স্বীকাৰ কৰে।

পৰৱৰ্তী সময়ত আটাইকেইজনক হঁচখলী আৰক্ষী থানালৈ প্ৰেৰণ কৰা হয়।