ভাৰত ভুমিত চীনা সৈন্য, আটক কৰিলে ভাৰতীয় সেনাই!

ভাৰত ভুমিত চীনা সৈন্য, আটক কৰিলে ভাৰতীয় সেনাই!

October 19, 2020 0 By NEWS DESK

লাডাখত ভাৰতীয় জোৱানে আটক কৰিছে ১জন চীনা সৈন্য।

ভাৰত-চীনৰ মাজত চলি থকা বিবাদৰ মাজতে নিৰাপত্তা বাহিনীয়ে লাডাখৰ চুমাৰ-ডেমচোক অঞ্চলত এজন চীনা সৈন্যকক আটক কৰিছে। 

সৈন্য জনে সামৰিক পোছাকেৰে ঘুৰি আছিল লাডাখৰ বৰফাবৃত এলেকাত।

 অৱ্শ্যে সেই চীনা সৈন্যৰ সৈতে নাছিল কোনো অস্ত্ৰ-শস্ত্ৰ। কেৱল সামৰিক পোছাকজোৰ হে পিন্ধ আছিল।

ভাৰতীয় সৈন্যই সোধ-পোছ কৰি প্ৰথমিকভাৱে জানিব পাৰে যে, পথ ভুল কৰি ভাৰত ভুমিত সোমাই পৰিছিল সেই চীনা সৈন্য। PLA সদস্যজনৰ নাম কৰ্পৰেল ৱাং ইয়ালং বুলি জানিব পৰা গৈছে।

নিৰ্ধাৰিত প্ৰটোকলৰ অধীনত সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ পিছত তেওঁক চীনলৈ ওভতাই পঠোৱা হ’ব বুলি জানিব পৰা গৈছে।