ভাৰত-ভূটানৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰীৰ দ্বিপাক্ষিক বাণিজ্য সম্প্ৰসাৰণৰ সিদ্ধান্ত!

ভাৰত-ভূটানৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰীৰ দ্বিপাক্ষিক বাণিজ্য সম্প্ৰসাৰণৰ সিদ্ধান্ত!

October 16, 2020 0 By NEWS DESK

অত্যাৱশ্যকীয় সামগ্ৰীৰ আমদানি-ৰপ্তানিৰ দ্বিপাক্ষিক বাণিজ্য সম্প্ৰসাৰণৰ সিদ্ধান্তত উপনীত ভাৰত-ভূটান চৰকাৰ।

কেন্দ্ৰীয় কৃষি মন্ত্ৰ্যালয়ৰ বিষয়াসকলে কয় যে, ‘নেশ্যনেল প্লেন্ট প্ৰটেকশ্যন অ’ৰ্গেনাজেশ্যন (এন পি পি অ’), কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়, ভূটানৰ কৃষি আৰু খাদ্য নিয়ন্ত্ৰক কৰ্তৃপক্ষ, কৃষি আৰু বন মন্ত্ৰ্যালয়, ৰয়েল গৱৰ্ণমেন্ট অফ ভূটান আৰু ভূটানত থকা ভাৰতীয় দূতাবাসৰ মাজত নিকট সহযোগিতাত ভূটানৰ পৰা ভাৰতলৈ আপেল, আলু, কমলা, আদা, আৰু তামোল আৰু সেইদৰে ভাৰতৰ পৰা ভূটানলৈ বিলাহী, পিঁয়াজ আৰু অ’ক্ৰা সৰবৰাহৰ বাবে বজাৰ মুকলি কৰাৰ সিদ্ধান্ত লোৱা হয়।’

শেহতীয়াভাৱে নতুন দিল্লীয়ে ভূটানক সকলো প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ আশ্বাস দিয়াৰ পাছতে ভাৰত আৰু ভূটানৰ মাজত সম্পৰ্ক অধিক শক্তিশালী হৈ পৰে।

তাৰ ফলস্বৰূপে ভাৰত আৰু ভূটানৰ মাজত দ্বিপাক্ষিক বাণিজ্যিক সম্পৰ্কত এক উল্লেখযোগ্য সফলতাৰ সূচনা হয়।