NEWS8 NE

ভীষণ বনজুইয়ে দহিছে মিজোৰামৰ বহু গাঁও-চহৰ! জুই নিৰ্বাপনত নামিল বায়ুসেনা

নিউজ ডেস্ক। যেন ভূতৰ ওপৰত দানহ পৰাৰ দৰে অৱস্থা হৈছে মিজােৰামৰ। ৰাজ্যখনৰ জনসাধাৰণে ক’ভিড-১৯ সংক্ৰমণৰ সৈতে যুঁজ দি থকাৰ সময়তে এইবাৰ বিধ্বংসী বনজুইৰ কবলত অসম প্ৰতিবেশী ৰাজ্যখন।

মিজোৰামৰ লুংলেইত সূত্ৰপাত হোৱা বনজুইয়ে বৰ্তমান ছানি ধৰিছে গাঁওসহ কেইবাখনো চহৰ।

যোৱা ৪৮ ঘণ্টাত এই বনজুই দক্ষিণ মিজোৰামৰ লুংলেই আৰু লওংতিলাই জিলাৰ কেইবাখনো চহৰলৈ বিয়পি পৰিছে।

কৰ্তৃপক্ষই জনোৱা অনুসৰি আছাম ৰাইফলছ, বি এছ এফ আৰু স্থানীয় সংগঠনৰ সহযোগত এই জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰি থকা হৈছে। দেওবাৰে মিজোৰাম চৰকাৰৰ অনুৰোধত বায়ুসেনাৰ দুখন হেলিকপ্টাৰে এই বনজুই নিয়ন্ত্ৰণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছিল।

জানিব পৰা মতে, শনিবাৰৰ পুৱা ৭ বজাত এই বনজুইৰ সূত্ৰপাত ঘটিছিল লুংলেই চহৰৰ কাষৰ এখন হাবিত। দেওবাৰে সেই জুই লুংলেই চহৰৰ লগতে তিনিটা গ্ৰাম্য উন্নয়ন খণ্ডৰ অধীনৰ কেইবাখনো গাঁৱলৈ বিয়পি পৰে।

ঘটনা সন্দৰ্ভত লুংলেই জিলাৰ উপায়ুক্ত কুলথুংগানে কয়, “আমি এই বনজুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আছো। শনিবাৰে আমি জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিলো। কিন্তু দেওবাৰৰ প্ৰচুৰ বতাহ আৰু শুকান গছে এই জুই বিয়পি পৰাত সহায় কৰে। এই জুই জুতলাং, চেৰকৌণ আৰু চানমাৰি পৰ্যন্ত বিয়পি পৰে। বনজুই আহি আৱাসিক অঞ্চলৰ নিচেই কাষ পাওঁতেই স্থানীয় লোক সকলক নিৰাপদ স্থানলৈ অনা হয়। বৰ্তমানলৈকে কোনো মানৱ সম্পদৰ ক্ষতি সাধন হোৱা নাই। এই জুই সূত্ৰপাতৰ প্ৰকৃত কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও ইয়াৰ তদন্ত অব্যাহত আছে। সাধাৰণতে এই বনজুই মানৱ সৃষ্ট হোৱাৰহে সন্দেহ কৰা হৈছে। ঝুম খেতিৰ বাবে এনে হব পাৰে।”

লওংতিলাই জিলাৰ অতিৰিক্ত উপায়ুক্ত মাৰিলিন ৰুৱালজাখুমথাংগীয়ে কয়, “জিলাখনৰ দক্ষিণ বুংলাং অঞ্চলৰ ১২ টা বাসগৃহ এই জুইত ভস্মীভূত হয় আৰু দুটা ঘৰৰ আংশিক ক্ষতি হয়। জিলা প্ৰশাসনৰ লোক ঘটনাস্থলীত উপস্থিত হৈ ক্ষতিগ্ৰস্ত লোক সকলক তাৎক্ষণিক সাহাৰ্য প্ৰদান কৰে। বৰ্তমানেও এই জুই জ্বলি আছে।”

উল্লেখ্য যে ঝুম খেতিৰ বাবে জ্বলোৱা জুইৰ বাবে মিজোৰামত পূৰ্বতেও বনজুইৰ ঘটনা সংঘটিত হৈছিল। ২০২০ বৰ্ষলৈকে মিজোৰামত সংঘটিত হোৱা মুঠ ১৩০০ টা বন জুই ঘটনাৰ ১১৯০ টাই ঝুম খেতিৰ জুইৰ বাবে হোৱা। বাকী ২১০ টা প্ৰাকৃতিক কাৰণত হোৱা।

Exit mobile version