Site icon NEWS8 NE

ভোটাৰক উৎকোচ দিয়াৰ অপৰাধত ৬ মাহৰ কাৰাদণ্ডৰ শাস্তি মহিলা সাংসদক!

নিউজ ডেস্ক। দেশৰ বিভিন্ন নিৰ্বাচনত ভােটাৰক প্ৰলােভিত কৰিবলৈ ৰাজনৈতিক দলসমূহে বিভিন্ন পন্থা গ্ৰহণ কৰে।

ইয়াৰ মাজতে কিছুমানে নেতা-পালিনেতাই আকৌ আইন উলংঘা কৰি ভােটাৰক প্ৰত্যক্ষভাৱে নগদ ধন, সুৰা আদি প্ৰদান কৰে।

কিন্তু দেশৰ ইতিহাসত এনে বে-আইনী কাৰ্য কৰিবলৈ গৈ কােনাে নিৰ্বাচিত ৰাজনৈতিক নেতা কাৰাদণ্ডৰ দৰে আইনী শাস্তিৰ সন্মুখীন হােৱাৰ ঘটনা পূৰ্বে হােৱাৰ উদাহৰণ নাই।

কিন্তু এইবাৰ নিৰ্বাচনত ভোটাৰক উৎকোচ দিয়াৰ অপৰাধত দোষী সাব্যস্ত হৈ কাৰাদণ্ডৰ সন্মুখীন হ’ল এগৰাকী মহিলা সাংসদ।

এই সাংসদগৰাকী হৈছে তেলেংগানা ৰাষ্ট্ৰ সমিতি (টি আৰ এছ)ৰ সাংসদ মাল’থ কবিতা।

২০১৯ ৰ সাধাৰণ নিৰ্বাচনত ভোটাৰক উৎকোচ দিয়াৰ অপৰাধত দোষী সাব্যস্ত হৈছে সাংসদগৰাকী। উল্লেখ্য যে মাল’থ কবিতা মাহবুবাবাদৰ সাংসদ।

জানিব পৰা মতে, হায়দৰাবাদত বিশেষ ছেছন আদালতে এই সম্পৰ্কীয় গোচৰৰ ৰায়দান প্ৰদান কৰে।

এইদৰে এগৰাকী সাংসদক ভোটাৰক উৎকোচ দিয়াৰ বাবে শাস্তি বিহাক লৈ দেশজুৰি চৰ্চা হৈছে।

এই ৰায়দানত সাংসদ মাল’থ আৰু তেওঁৰ সহযোগী ছৌকত আলীক ১০ হাজাৰ টকা জৰিমনাসহ ছমাহৰ কাৰাদণ্ড বিহে ন্যায়াধীশ ডি আৰ আৰু বাৰা প্ৰসাদে।

অৱশ্যে আদালতে দুয়োকে উচ্চ আদালতত আবেদন জনোৱাৰ বাবে জামিন মঞ্জুৰ কৰে।

২০১৯ৰ লোকসভা নিৰ্বাচনত সাংসদগৰাকীৰ সহযোগী আলীক ভোটৰ বিনিময়ত পাঁচশ টকাকৈ ভাটাৰক বিলাই থকা অৱস্থাতে কৰায়ত্ত কৰিছিল নিৰ্বাচনী ফ্লায়িং স্কোৱাডে।

গোচৰমৰ্মে আলী প্ৰথম অভিযুক্ত আৰু কবিতা দ্বিতীয় অভিযুক্ত।

দুই অপৰাধীক ভাৰতীয় দণ্ড বিধিৰ ১৭১-ই (উৎকোচৰ বাবে শাস্তি)ৰ অধীনত শাস্তি বিহা হৈছে।

Exit mobile version