ভ্ৰাম্যমান থিয়েটাৰৰ জনপ্ৰিয় অভিনেতা বাবুল খাটনীয়াৰৰ জীৱন নাটৰ অৱসান !

ভ্ৰাম্যমান থিয়েটাৰৰ জনপ্ৰিয় অভিনেতা বাবুল খাটনীয়াৰৰ জীৱন নাটৰ অৱসান !

September 6, 2020 0 By NEWS DESK

ভ্ৰাম্যমান থিয়েটাৰৰ জনপ্ৰিয় অভিনেতা বাবুল খাটনিয়াৰৰ দেহাৱসান৷

বৰপেটা মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটে শিল্পীগৰাকীৰ৷

অসুস্থ হৈ থকা শিল্পীগৰাকীক উন্নত চিকিৎসাৰ বাবে ৰবিবাৰে GMCH লৈ নিবলৈ ওলোৱাৰ সময়তেই জীৱন নাট সামৰে।

কিডনীৰ ৰোগত ভুগি থকা অভিনেতাগৰাকী কৰ’ণাত আক্ৰান্ত হৈ বৰপেটা মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছিল৷

কিন্তু শেহতীয়াভাৱে কৰ’ণা পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছিল অভিনেতাগৰাকীৰ৷

অভিনেতাগৰাকীৰ মৃত্যুত বৰপেটাত শোকৰ ছাঁ পৰিছে