নিউজ ডেস্ক। এক আচৰিত তথা ভয়ংকৰ কাণ্ড! এঘন্টাৰ ভিতৰতে এগৰাকী বৃদ্ধাক ৩ পালি ক’ভিড-১৯ৰ প্ৰতিষেধক প্ৰদান।
হয়, আচৰিত যেন লাগিলেও এই ঘটনা সঁচা। এই ঘটনা সংঘটিত হৈছে চৰাইদেউ জিলাৰ সাপেখাতী খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ এলেকাধীন ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰত।
এঘন্টাতে এগৰাকী মহিলাই লাভ কৰিলে ক’ভিশ্বিল্ড’ৰ তিনিটাকৈ বেজী।
জানিব পৰা মতে, সাপেখাতীত খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰই বুধবাৰে সাপেখাতী আটাল পথাৰস্থিত গদাধৰ সিংহ উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত আয়োজন কৰিছিল ক’ভিড ভেকচিন প্ৰদানৰ কাৰ্যসূচী।
মুঠ ১৩০ গৰাকী ব্যক্তিয়ে ক’ভিড ভেকচিন লোৱাৰ মাজতে এগৰাকী ৬০ ঊৰ্ধ্বৰ মহিলাক দিয়া হয় ক’ভিশ্বিল্ডৰ তিনিটাকৈ বেজী।
সাপেখাতী নগৰৰ সমীপৱৰ্তী সোণালীপুৰ বনগাঁৱৰ বাসিন্দা জোনাকী দাস (৬১)ক কৰ্তব্যৰত নাৰ্ছগৰাকীয়ে ক’ভিশ্বিল্ডৰ প্ৰথমটো বেজী দিয়ে আৰু তেওঁক বাহিৰত কিছু সময় বহি থাকিবলৈ কয়।
কিন্তু তেনে সময়তে ভেকচিন প্ৰদানৰ উক্ত কেন্দ্ৰটোত দুগৰাকী ব্যক্তি ক’ভিড পজিটিভ ওলোৱা বুলি প্ৰচাৰ হোৱাত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়।
অৱশ্যে পৰিৱেশটো কিছু সময়ৰ পিছতে স্বাভাৱিক হয় আৰু চিকিৎসাকৰ্মীসকলে পুনৰ ক’ভিড ভেকচিন দিয়াত নামি পৰে।
উল্লেখ্য যে উক্ত সময়ত ইতিমধ্যে ক’ভিড ভেকচিন লোৱা জোনাকী দাস নামৰ মহিলাগৰাকী চকীত বহি আছিল।
তেনে অৱস্থাতে পুনৰ মহিলাগৰাকীক শইকীয়া উপাধীৰ নাৰ্ছগৰাকীয়ে পুনৰ বেজী দিবলৈ উদ্যত হয়।
সহজ-সৰল মহিলাগৰাকীয়ে নাৰ্ছগৰাকীক আকৌ বেজী ল’ব লাগিব নেকি বুলি সোধাত নাৰ্ছগৰাকীয়ে ল’ব লাগিব বুলি কয়।
দ্বিতীয় টো বেজী নাৰ্ছগৰাকীয়ে মহিলাগৰাকীৰ বাঁও হাতত দিয়ে। দ্বিতীয়টো বেজী লোৱাৰ পাচতে মহিলাগৰাকীৰ মূৰ ঘূৰাবলৈ ধৰে আৰু তেনেকৈয়ে চকীত বহি পৰে।
অতি লক্ষণীয় দিশটো হ’ল যে মহিলাগৰাকী বহি থকা অৱস্থাতে তৃতীয়টো ভেকচিন দিবলৈ নাৰ্ছগৰাকী আহে। মহিলাগৰাকীয়ে তৃতীয়টো বেজী সোঁ হাতত দিবলৈ কয় যদিও নাৰ্ছগৰাকীয়ে বেজী বাঁওহাততে দিয়ে।
মহিলাগৰাকীয়ে বাহিৰত গৈ অন্য ব্যক্তিক কেইটা বেজী দিয়ে বুলি জানিব বিচৰাত এটাহে দিয়ে বুলি কোৱাত মহিলাগৰাকীয়ে ভিতৰত গৈ পুনৰ নার্ছগৰাকীক কিয় তিনিটাকৈ ভেকচিন প্রদান কৰিলে বুলি প্রশ্ন কৰাত নার্ছগৰাকীয়ে মহিলাগৰাকীকহে ওলােটাই দুৰ্ব্যৱহাৰ কৰে।
বেজী দিয়াৰ পিছতে জ্বৰত আক্রান্ত হোৱাৰ লগতে অত্যন্ত দুর্বল হৈ পৰা মহিলাগৰাকী আজিপর্যন্ত বিছনাত পৰি থাকিব লগা হৈছে।
আনহাতে, আজিপর্যন্ত মহিলাগৰাকীৰ হাতত তিনিটাকৈ বেজী দিয়াৰ সুস্পষ্ট চিন আছে যদিও ঘটনাটো সন্দর্ভত নার্ছগৰাকীয়ে অস্বীকাৰ কৰিছে।