NEWS8 NE

ভয়ংকৰ! পাহাৰৰ পৰা খহি পৰা শিলাখণ্ডই খুন্দিয়ালে চলন্ত বাইক, কেমেৰাত বন্দী শিহৰণকাৰী ঘটনা…

নিউজ ডেস্ক। এক শিহৰণকাৰী দুৰ্ঘটনা।

চলন্ত বাইকৰ ওপৰত পৰিল পাহাৰৰ পৰা খহি পৰা প্ৰকাণ্ড শিলাখণ্ড।

এই শিলাখণ্ডৰ প্ৰচণ্ড খুন্দাত মৃত্যু ঘটিল বাইক আৰােহী যুৱকৰ। গুৰুতৰভাৱে আহত বাইকখনত থকা আন এজন যুৱক।

এই ঘটনা সংঘটিত হ’ল কেৰালাত থামাৰাছেৰীত।

জানিব পৰা মতে, দুই বন্ধুৱে থামাৰাচেৰী ঘাট পথত মটৰচাইকেলত যাত্ৰা কৰি থাকোঁতে হঠাতে পথৰ কাষৰ পাহাৰৰ কাষৰ পৰা এটা শিল বাগৰি আহে আৰু পোনপটীয়াকৈ তেওঁলোকৰ মটৰচাইকেলত খুন্দা মাৰে, যাৰ ফলত তেওঁলোক ৰাস্তাৰ পৰা তলৰ উপত্যকাত পৰি যায় ।

মৃত যুৱকজনক মালাপ্পুৰম জিলাৰ ২০ বছৰীয়া অভিনৱ বুলি চিনাক্ত কৰা হৈছে।

অভিনৱৰ লগতে তেওঁৰ বন্ধু, ২১ বছৰীয়া অনীশ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।

প্ৰাপ্ত তথ্য অনুসৰি, অভিনৱ আৰু অনীশ সহ ছয়জনীয়া এটা গোটে ভ্ৰমণলৈ গৈ আছিল।

তেনে সময়তে, বৰষুণৰ ফলত এজোপা গছ তললৈ পৰি যোৱাত গছৰ গুৰিৰ কাষতে থকা শিলটো প্ৰায় ২০০ ফুট তললৈ বাগৰি অৱশেষত মটৰচাইকেলখনত খুন্দা মাৰিছিল।

ঘটনাটোৰ পিছত, দুয়োজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল।

তেওঁলোকক ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও অভিনৱে মৃত্যুবৰণ কৰিছিল।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অনীশকো কোজিকোৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা চলাই থকা হৈছে।

লগতে চাওকঃ

পলকতে ঘটিল এটা ঘটনা, ট্ৰাকৰ চকাৰ পিষ্ট হোৱাৰ পৰা মাতৃয়ে ৰক্ষা কৰিলে সন্তানক, ভাইৰেল ভিডিঅ’

Exit mobile version