ভয়ংকৰ বোমা বিস্ফোৰণত প্ৰাণ হেৰুৱালে অতি কমেও ১৬জন লোকে!আহত শতাধিক…

ভয়ংকৰ বোমা বিস্ফোৰণত প্ৰাণ হেৰুৱালে অতি কমেও ১৬জন লোকে!আহত শতাধিক…

October 18, 2020 0 By NEWS DESK

পুনৰ ভয়ংকৰ বিস্ফোৰণত কঁপিল আফগানিস্থান।

ভয়ংকৰ বিস্ফোৰণৰ ফলত প্ৰাণ হেৰুৱালে অতি কমেও ১৬জন লোকে।

আনহাতে গুৰুতৰভাৱে আহত হৈছে শতাধিক লোক।

Image

ফিৰোজ ক’আহত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, বৰ্তমানেও উদ্ধাৰ অভিযান চলি থকাৰ বাবে এই ঘটনাত মুঠ হতাহতি হোৱা লোকৰ সংখ্যা এতিয়াও সৱিশেষ ৰূপত জানিব পৰা হোৱা নাই।

আনহাতে আহত সকলৰো বহুতৰে অৱস্থা সংকটজনক।

জানিব পৰা মতে এখন মিনি বাছতে প্ৰথমে এই বিস্ফোৰণ সংঘটিত হয়।