NEWS8 NE

মই কোনো বিশেষ সম্প্ৰদায় বা জাতিৰ ৰাষ্ট্ৰপতি নহয়, বৰঞ্চ সমগ্র আমেৰিকাবাসীৰ ৰাষ্ট্ৰপতি, শপত লৈ ৰাষ্ট্ৰপতি জ’ বাইডেন

ইন্টাৰনেচনেল ডেস্ক। অৱশেষত বহু প্ৰতিবাদ, হিংসা, সংগ্ৰাম আৰু উত্তেজনাৰ অন্তত বুধবাৰে আমেৰিকাৰ ৪৬ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত ললে যোছেফ আৰ বাইডেন জুনিয়ৰে।

শপত বাক্য পাঠ কৰি ৰাষ্ট্ৰপতি জ’ বাইডেনে জিনিলে আমেৰিকাবাসীৰ হৃদয়। শপত লৈ দিয়া তেওঁৰ ভাষণে জিনিলে সকলোৰে অন্তৰ। তেওঁৰ ভাষণৰ সময়ত কেপিটেল বিল্ডিঙত বিৰাজ কৰিলে এক নিস্তব্ধ পৰিৱেশে।

উল্লেখ্য যে যোৱা ৬ জানুৱাৰীত কেপিটেল বিল্ডিঙত আক্ৰমণ কৰি হিংসাৰ সৃষ্টি কৰিছিল সদ্য প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সমৰ্থকে। এই কাৰ্যক গৰিহণা দিছিল সমগ্ৰ বিশ্বই। কিন্তু সেই অন্ধকাৰ অৱসান ঘটাই অৱশেষত আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত ললে ডেমক্ৰেটিক দলৰ জ’ বাইডেনে।

৭৮ বছৰীয়া বাইডেনে পাঠ কৰিছিল ৩৫ শব্দৰ শপত বাক্য। লগতে এই শপত অনুষ্ঠানতে উপ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে ভাৰতীয় বংশোদ্ভৱ মহিলা কমলা দেৱী হেৰিছে।

এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অবামা আৰু তেওঁৰ পত্নী মিছেল অবামা। লগতে আন এজন প্ৰাক্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টন আৰু তেওঁৰ পত্নী হিলাৰি ক্লিণ্টন উপস্থিত আছিল। লক্ষণীয়ভাৱে সদ্য বিদায়ী ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প উপস্থিত নাছিল এই অনুষ্ঠানত।

প্ৰথমে শপত লয় উপ ৰাষ্ট্ৰপতি কমলা হেৰিছে। তেওঁক শপত বাক্য পাঠ কৰোৱায় উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি চনিয়া ছোটমেয়ৰে। শপত লোৱাৰ পিছতেই হাত চাপৰিৰে সকলোৱে অভিবাদন জনায় তেওঁক। ইয়াৰ পিছতে ৰাষ্ট্ৰপতি হিচাপে শপত লয় জ’ বাইডেনে। তেওঁক শপত বাক্য পাঠ কৰোৱায় উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি জন ৰবাৰ্টছে। আৰু তাৰপাছতেই আমেৰিকান কণ্ঠশিল্পী জেনিফাৰ লোপেজে পৰিৱেশন কৰে ‘আমেৰিকা দ্য বিউটিফুল’ গীতটো।

শপত লৈ ভাষণত বাইডেনে কয়, সকলোৱে আশা কৰা ধৰণে ঐক্যৰ এখন নতুন যুক্তৰাষ্ট্ৰ গঠন কৰা হব। যোৱা ৪ বছৰৰ ট্ৰাম্পৰ শাসন কালছোৱাত আমেৰিকাত বহুবাৰ কৃষ্ণাংগ আন্দোলন হৈছে। বৰ্ণ সংঘাত তীব্ৰতৰ হৈছে। বহু দেশৰ সৈতে আমেৰিকাৰ সম্পৰ্ক ছেদ হৈছিল। এই সকলো আঘাতত পুনৰ প্ৰলেপ দিয়া হব। কোনো বিশেষ সম্প্ৰদায় বা জাতিৰ নহয়, তেওঁ সমগ্ৰ আমেৰিকাবাসীৰ ৰাষ্ট্ৰপতি।

Exit mobile version