মই প্ৰথমে হিন্দু, তাৰ পাছতহে অসমীয়াঃ সত্যৰঞ্জন বৰা

মই প্ৰথমে হিন্দু, তাৰ পাছতহে অসমীয়াঃ সত্যৰঞ্জন বৰা

October 2, 2020 0 By NEWS DESK

মাজুলীৰ সত্ৰত সত্যৰঞ্জন বৰাৰ বহু তাৎপৰ্যপূৰ্ণ মন্তব্য

মাজুলী। বিজেপি নেতা সত্যৰঞ্জন বৰাৰ আন এক বিতৰ্কিত মন্তব্য।

মই প্ৰথমে হিন্দু, তাৰ পাছতহে অসমীয়া।

উগ্ৰ অসমীয়া জাতীয়তাবাদৰ পৰা অসমে একাে লাভ কৰা নাই, বৰঞ্চ বহুখিনি হেৰুৱাইছে।

এই মূল্যহীন উগ্ৰ অসমীয়া জাতীয়তাবাদৰ বাবেই অসমৰ পৰা মেঘালয় গুচি গ’ল, কাৰ্বি, বড়াে, ডিমাচা ভাইসকলে নিজকে নিজকে অসমীয়া নহয় বুলি ক’বলৈ ধৰিলে।

মাজুলীত উপস্থিত হৈ এই মন্তব্য প্ৰকাশ কৰে বিতৰ্কিত হিন্দুত্ববাদী নেতাগৰাকীয়ে।

উল্লেখ্য যে মাজুলীৰ নাম সােণােৱাল গাঁৱত নাম-কীৰ্তনত অংশ গ্ৰহণ কৰিছিল বৰাই।

তাৰ পাছতে সাংবাদিকৰে হােৱা সাক্ষাৎকাৰত মাজুলীৰ লগতে ৰাজ্যখনত ইছলামিক মৌলবাদ তথা খ্ৰীষ্টান মিছনেৰীৰ আগ্ৰাসন সন্দৰ্ভত মন্তব্য কৰে বৰাই।

ভাৰতৰ পৱিত্ৰ ভূমিত বিদেশী শক্তিয়ে যিমানেই অত্যাচাৰ নকৰক কিয়, আমাৰ সনাতন ধৰ্মৰ গৰ্ভত আঘাত হানিব পৰা নাই।

মাজুলীৰ এই নামঘৰটোৱেই সেইটো স্পষ্ট কৰি দিছে বুলি তেওঁ মন্তব্য কৰে।

চাওক ভিডিঅ’