Site icon NEWS8 NE

মই ভেকচিন নলওঁ! ভেকচিন দিবলৈ অহা স্বাস্থ্যকৰ্মীকে গবা মাৰি ধৰিলে এজন নাৱৰীয়াই, ভাইৰেল ভিডিঅ’

নিউজ ডেস্ক। দেশত পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰা কোভিড মহামাৰীৰ পৰা বাছি থাকিবলৈ চৰকাৰে টীকাকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। অসমকে ধৰি বহু ৰাজ্যৰ চৰকাৰে কোভিড ভেকচিন গ্ৰহণ নকৰাসকলৰ বিৰুদ্ধে কঠোৰ হোৱাও পৰিলক্ষিত হৈছে।

চৰকাৰী সা-সুবিধাৰ পৰা ৰাজহুৱা যান-বাহনত উঠালৈকে বিভিন্ন ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে ভেকচিন নোলোৱা সকলৰ ওপৰত। কিন্তু তাৰ মাজতো বহু লোকে ভেকচিন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰা আৰু চিকিৎসাকৰ্মী আৰু চিকিৎসকৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে।

শেহতীয়াকৈ তেনে এটা ভাইৰেল ভিডিঅ’ই ছ’চিয়েল মিডিয়াত খলকনিৰ সৃষ্টি কৰিছে। ভাইৰেল ভিডিঅ’টোত দেখা পোৱা গৈছে এগৰাকী নাৱৰীয়াই ভেকচিন ল’বলৈ অস্বীকাৰ কৰি চিকিৎসা কৰ্মীৰ সৈতে খণ্ডযুদ্ধত লিপ্ত হয়।

ভাইৰেল ভিডিঅ’টো উত্তৰ প্ৰদেশৰ বালিয়া জিলাৰ বুলি জানিব পৰা গৈছে। ছুটি ভিডিঅ’টোত দেখা পোৱা গৈছে যে ভেকচিন দিবলৈ অহা এগৰাকী স্বাস্থ্যকৰ্মীক এজন নাৱৰীয়াই গবা মাৰি ধৰে। নাৱৰীয়াজনে বাৰে বাৰে কোৱা শুনা গৈছে- মই ভেকচিন নলও।

অৱশ্যে ৰেওটিৰ বিডিঅ’ অতুল ডুবেয়ে পৰৱৰ্তী সময়ত জানিবলৈ দিয়া মতে, ব্যক্তিজনে প্ৰথমাৱস্থাত ভয় খাই ভেকচিন ল’বলৈ অমান্তি হ’লেও পিছত চিকিৎসা কৰ্মীৰ কথাত আশ্বস্ত হয় ভেকচিন গ্ৰহণ কৰে।

আনহাতে আন এটা ভাইৰেল ভিডিঅ’টো আন এজন ব্যক্তিয়ে প্ৰথমে ভেকচিন ল’বলৈ অস্বীকাৰ কৰে আৰু গছৰ ওপৰত উঠি ভেকচিন গ্ৰহণৰ পৰা বাচিবলৈ চেষ্টা কৰে। পিছত সেই ব্যক্তিজনেও ভেকচিন লোৱা বুলি জানিবলৈ দিয়ে বিডিঅ’ অতুল ডুবেয়ে।

উল্লেখ্য যে, দেশৰ আন কেইবাখনো ৰাজ্যৰ দৰে ভেকচিন গ্ৰহণৰ ক্ষেত্ৰত কঠোৰ হৈছে উত্তৰ প্ৰদেশৰ যোগী চৰকাৰো। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ইতিমধ্যে ঘোষণা কৰিছে যে ভেকচিন গ্ৰহণ নকৰাসকলে চৰকাৰী আঁচনিৰ লাভ গ্ৰহণ কৰিব নোৱাৰিব।

কিন্তু ৰাজ্য চৰকাৰ কঠোৰ হোৱাৰ বিপৰীতে যোৱা সপ্তাহত কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰা এক শপত নামাত ভেকচিন গ্ৰহণ কৰাটো বাধ্যতামূলক নহয় আৰু কোনেও ভেকচিন ল’বলৈ জোৰ কৰিব নোৱাৰে বুলি উল্লেখ কৰিছিল।

লগতে চাওকঃ

কােলাৰ কেঁচুৱাসহ পদপথৰ উন্মুক্ত নলাত সােমাই পৰিল মহিলা! লাগিল হাহাকাৰ

Exit mobile version