NEWS8 NE

মন্দিৰৰ ভিতৰত পূজা সম্পন্ন কৰিয়েই প্ৰাণত্যাগ পূজাৰীৰ

নিউজ ডেস্ক। ভগৱনাৰ শ্ৰীচৰণত নতশিৰ হৈ পূজা-অৰ্চনা কৰি থকাৰ সময়তে মৃত্যুৰ কোলাত ঢলি পৰিল এজন ব্যক্তি।

এই শোকাবহ ঘটনা সংঘটিত হৈছে গোলাঘাট জিলাৰ সুভাষ কলনিত।

জানিব পৰা মতে, মহাশিৱৰাত্ৰিৰ নিশা ঘৰৰ শিৱ মন্দিৰতে ভগৱানৰ পূজা-অৰ্চনাত ব্যস্ত হৈছিল উদয়াদিত্য সেন নামৰ ৭৮ বছৰীয়া ব্যক্তি গৰাকী।

মন্দিৰৰ ভিতৰত তেওঁ ভগৱান শিৱৰ আৰাধনাত চন্দীপাঠ কৰি থকাৰ সময়তে হঠাৎ ঢলি পৰে আৰু মৃত্যুক আঁকোৱালি লয়।

উল্লেখ্য যে, তেওঁ মন্দিৰত পূজা-পাঠ কৰি থকাৰ সময়ৰ দৃশ্য কেমেৰাত ধৰি ৰাখিবলৈ নিজৰ পুত্ৰক নিৰ্দেশ দি থৈছিল পূজাৰীজনে।

কিন্তু ভগৱানৰ আৰাধনাত ব্ৰতী হৈ থকাৰ দৃশ্য কেমেৰাত আৱদ্ধ হৈ থকাৰ সময়তে তেওঁৰ মৃত্যুৰ দৃশ্যও যে কেমেৰাত বন্দী হ’ব সেয়া কোনে বাৰু জানিছিল?

শিৱৰাত্ৰিৰ নিশা উদয়াদিত্য সেনৰ এনেদৰে মন্দিৰৰ ভিতৰত মৃত্যু ঘটনাক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ গোলাঘাটত চাঞ্চল্যৰ সৃষ্টি হৈছে।

আত্মীয়ই প্ৰকাশ কৰা অনুসৰি, কােনাে ধৰণৰ ৰােগত আক্ৰান্ত নাছিল পূজাৰীজন।

লগতে চাওকঃ

বিয়ালৈ মাজত এটা মাহ থকাৰ অৱস্থাত দুৰ্ঘটনাত বাগদত্তাসহ যুৱকৰ মৃত্যু

Exit mobile version