মমিনুল আওৱাল অসমৰ দ্বিতীয়জন শুকুৰ আলীঃ ৰেজাউল কৰিম সৰকাৰ

মমিনুল আওৱাল অসমৰ দ্বিতীয়জন শুকুৰ আলীঃ ৰেজাউল কৰিম সৰকাৰ

September 14, 2020 0 By NEWS DESK

ৰাজ্যত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ পাঁচশ কােটিটকীয়া কেলেংকাৰীৰ বাবে অসম সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ তথা বিজেপি নেতা মমিনুল আওৱালকে জগৰীয়া কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে।

লগতে আওৱালক অসমৰ দ্বিতীয়জন শুকুৰ আলী বুলিও অভিহিত কৰিছে সৰকাৰে।

উল্লেখ্য যে দেউবাৰে গােৱালপাৰা জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ত উপস্থিত হৈ এই মন্তব্য প্ৰকাশ কৰে সৰকাৰে।

ফাইল ফটাে

তেওঁ লগতে এই কেলেংকাৰীৰ চি বি আই তদন্তৰাে দাবী উত্থাপন কৰে।

তেওঁ কয় যে ছাত্ৰ বৃত্তিৰ কেলেংকাৰীৰ পৰা হাত সাৰিবলৈ মমিনুল আওৱালে নিম্ন মনোবৃত্তিৰ কথাৰে সংখ্যালঘু সকলৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীক ভাগ ভাগ কৰিব বিচাৰিছে।

তেওঁ মমিনুলক নাকী লগোৱাৰ বাবে মুখ্যমন্ত্রীক আহ্বান জনায়।