ম’ষ্ট ৱাণ্টেড দিৱন ডেকা আৰু PK দত্তৰ খবৰ দিওঁতালৈ পুৰস্কাৰ ঘোষণা অসম আৰক্ষীৰ !

ম’ষ্ট ৱাণ্টেড দিৱন ডেকা আৰু PK দত্তৰ খবৰ দিওঁতালৈ পুৰস্কাৰ ঘোষণা অসম আৰক্ষীৰ !

September 28, 2020 0 By NEWS DESK

অসম আৰক্ষীয়ে এছ আই কেলেংকাৰী সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ঘোষণা।

এছ আই কেলেংকাৰীৰে জড়িত দিৱন ডেকা আৰু প্ৰশান্ত কুমাৰ দত্তৰ বিষয়ে কোনো লোকে তথ্য দিব পাৰিলে আৰক্ষীয়ে তেওঁলোকক দিব ১ লাখকৈ টকা।

সোমবাৰে আনুষ্ঠানিকভাবে এই ঘোষণা কৰিছে অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই।

উল্লেখ্য যে, ক্ৰাইম ব্ৰাঞ্চ আৰু চি আই ডিয়ে যোৱা এটা সপ্তাহত ঘটনা সন্দৰ্ভত বহু গোপন তথ্য পোহৰলৈ আনিছে।

পি কে দত্তই প্ৰদান কৰা প্ৰশ্নকাকত ধনৰ বিনিময়ত পৰীক্ষাৰ্থীসকলৰ মাজত বিতৰণ কৰিছিল দিবন ডেকাই।

অসম আৰক্ষীয়ে সেয়েহে তেওঁলোকৰ অৱস্থিতি সন্দৰ্ভত কোনো লোকে তথ্য দাঙি ধৰিলে আৰক্ষীয়ে তেনে ব্যক্তিৰ পৰিচয় গোপন ৰখাৰ লগতে এই পুৰস্কাৰ আগবঢ়াব বুলি ঘোষণা কৰা হৈছে।

এতিয়ালৈ এই কেলেংকাৰীৰ লগত জড়িত ৯ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে।