NEWS8 NE

মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, হতাহত ৪ জন

নিউজ ডেস্ক। গুৱাহাটী মহানগৰীৰ কামাখ্যা গে’ট এলেকাত মংগলবাৰে দুপৰীয়া সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।

এএছ ০৬এছ ০১০১ নম্বৰৰ এখন তীব্ৰবেগী এনডিভাৰ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে এখন ৰখাই থোৱা বুলেটত পিছফালৰ পৰা প্ৰচণ্ড খুন্দা মাৰে আৰু তাৰ পিছতে খুন্দা মাৰে এখন এল্ট’ বাহনক।

এই দুৰ্ঘটনাত এজন লােকৰ মৃত্যু হােৱাৰ উপৰি গুৰুতৰভাৱে আহত হয় এল্ট’ বাহনখনত থকা তিনিজন আৰোহী।

ঘটনাৰ খবৰ লাভ কৰি দুৰ্ঘটনাস্থলীত জালুকবাৰী যান-বাহন আৰক্ষী উপস্থিত হৈ আহত লোককেইজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

লগতে জব্দ কৰে দুৰ্ঘটনাগ্ৰস্ত বাহনসহ বাইকখন।

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে বিলাসী বাহনখনে এল্ট’ বাহনখনক খুন্দা মৰাৰ ফলত এল্ট’ বাহনখন প্ৰায় চেপেটা হৈ যায় আৰু এনডিভাৰ বিলাসী বাহনখনো বাগৰি পৰে ঘাইপথৰ ওপৰত।

এই দুৰ্ঘটনাত নিহত লোকজনৰ নুনমাটিৰ প্ৰশান্ত ছাক্সেনা।

আহতসকলৰ নাম হৈছে জ্যোতিৰ্ময় কুমাৰ দাস, মুনমুন তালুকদাৰ আৰু দীপাংকৰ দাস।

লগতে চাওকঃ

ৰােলাৰ চলাই আৰক্ষীয়ে ধ্বংস কৰিলে শতাধিক শব্দ প্ৰদূষণকাৰী চাইলেন্সাৰ! চাওক ভিডিঅ’…

Exit mobile version