NEWS8 NE

মহানুভৱতা! ভাৰত ৰক্তাক্ত কৰিবলৈ অহা পাকিস্তানী সন্ত্ৰাসবাদীক ৰক্তদান কৰি নতুন জীৱন দিলে ভাৰতীয় সেনাই

নিউজ ডেস্কঃ এজন গুলীবিদ্ধ পাকিস্তানী সন্ত্ৰাসবাদীক ৰক্তদান কৰি মহানুভৱতাৰ পৰিচয় দিলে ভাৰতীয় সেনাই। উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ নৌচেৰা চেক্টৰত সেনাৰে সংঘৰ্ষত গুলীবিদ্ধ হৈছিল পাকিস্তানী সন্ত্ৰাসবাদীজন।

কান্ধ আৰু উৰুত দুটাকৈ গুলী লাগি গুৰুতৰভাৱে আহত হোৱা পাকিস্তানী সন্ত্ৰাসবাদী জনক ভাৰতীয় সেনাই উদ্ধাৰ কৰি ভৰ্তি কৰোৱায় ৰাজৌৰীৰ সামৰিক হাস্পতালত। কিন্তু অধিক ৰক্তক্ষৰণৰ বাবে সন্ত্ৰাসবাদীজনৰ অৱস্থা সংকটজনক হৈ পৰাত সেনাই ৰক্তদান কৰি তেওঁৰ প্ৰাণ ৰক্ষা কৰে।

ৰাজৌৰীৰ সামৰিক চিকিৎসালয়খনৰ কমাণ্ডেণ্ট ব্ৰিগেডিয়াৰ ৰাজীৱ নায়েৰে কয় যে তেওঁক এজন সাধাৰণ ৰোগীৰ দৰেই ব্যৱহাৰ কৰা হয়। বৰ্তমান সন্ত্ৰাসবাদী সুস্থ হৈ উঠা বুলিও তেওঁ জানিবলৈ দিয়ে।

অন্যহাতে ভাৰতীয় সেনাই প্ৰাণ ৰক্ষা কৰা এই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীজনক পাক অধিকৃত কাশ্মীৰৰ কোটলিৰ ছাবজকোট গাঁৱৰ নিৱাসী ৩২ বৰ্ষীয় তাবাৰক হুছেইন বুলি চিনাক্ত কৰা হৈছে। সন্ত্ৰাসবাদীজনে স্বীকাৰ কৰা মতে, এজন পাক কৰ্ণেলৰ নিৰ্দেশত তেওঁ ভাৰতীয় সেনাৰ ওপৰত আক্ৰমণ কৰিবলৈ আহিছিল। ইয়াৰ বাবে তেওঁক ৩০ হাজাৰ পাকিস্তানী টকাও প্ৰদান কৰিছিল পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ কৰ্ণেল ইউনুছ চৌধুৰীয়ে।

কিন্তু ভাৰতত প্ৰৱেশ কৰাৰ পিছতে ভাৰতীয় সেনাৰ সৈতে পাকিস্তানী সন্ত্ৰাসবাদী দলটোৰ সংঘৰ্ষ হয়। যাৰ ফলত পলায়নৰ চেষ্টা কৰোতেই গুলীবিদ্ধ হয় দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী তাবাৰক হুছেইন।

উল্লেখ্য যে, পাকিস্তানী সেনাৰ এটা চোৰাংচোৱা ইউনিটতো কাম কৰা তাবাৰক হুছেইনক সীমান্তৰ সিপাৰৰ পৰা ভাৰতত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ সময়তে ৬ বছৰ পূৰ্বেও আটক কৰা হৈছিল। হুছেইনে সন্ত্ৰাসবাদৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথা স্বীকাৰ কৰি কয় যে তেওঁক পাকিস্তান সেনাৰ মেজৰ ৰাজাকে প্ৰশিক্ষণ দিছিল।

Exit mobile version