মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ বাসগৃহ বোমা বিস্ফোৰণেৰে উৰুৱাই দিয়াৰ ভাবুকি !

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ বাসগৃহ বোমা বিস্ফোৰণেৰে উৰুৱাই দিয়াৰ ভাবুকি !

September 7, 2020 0 By NEWS DESK

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ বাসগৃহ বোমা বিস্ফোৰণেৰে উৰুৱাই দিয়াৰ ভাবুকি।

কুখ্যাত মাফিয়া ডাউদ ইব্রাহিমৰ নাম লৈ মহাৰাষ্ট্রৰ মুখ্যমন্ত্রীগৰাকীক টেলিফোনযোগে তেওঁৰ বাসগৃহ ‘মাটোশ্রী’ উৰুৱাই দিয়াৰ ভাবুকি দিছে অচিনাক্ত ব্যক্তিয়ে৷

পুৱতিনিশা বান্দ্রাস্থিত মুখ্যমন্ত্রীগৰাকীৰ বাসভৱনলৈ এই টেলিফোন কল আহে৷

মহাৰাষ্ট্রৰ মুখ্যমন্ত্রীলৈ মাফিয়াৰ ভাবুকি

লেণ্ডলাইন ফোনত ডুবাইৰ পৰা চাৰিবাৰকৈ আহিছে এই ভাবুকি৷

ইয়াৰ পাছতে ৰাজ্যখনৰ আৰক্ষী প্ৰশাসনে জৰুৰী সতৰ্কতামূলক ব্যৱস্থা হিচাপে মুখ্যমন্ত্ৰী গৰাকীৰ নিৰাপত্তা কটকটীয়া কৰি তুলিছে।

সম্প্ৰতি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি সেই ফোনকলৰ সন্ধান কৰিছে আৰু ব্যক্তিজন ডাউদৰ দলৰ সদস্য হয়নে নহয় তাৰো বিতং পৰীক্ষা কৰি আছে।