NEWS8 NE

মহা প্ৰতিষেধক প্ৰদান কাৰ্যসূচীত এক আজব কাণ্ড কৰিলে একাংশ লােকে, তীব্ৰ প্ৰতিক্ৰিয়া

নিউজ ডেস্ক। সােমবাৰৰ পৰা দেশজুৰি আৰম্ভ মহা প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ মাজতে সংঘটিত হ’ল এক আজব ঘটনা।

এখন চৰকাৰী বিদ্যালয়ত এই কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠানত জাতীয় পিতা মহাত্মা গান্ধীৰ ফটাে সৈতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীৰ ফটােখনতাে ফুলৰ মালা পিন্ধালে একাংশ কাণ্ডজ্ঞানহীন লােকে।

এই ঘটনাৰ স্থান মধ্য প্ৰদেশত খুন্টী।

ইতিমধ্যে সামাজিক মাধ্যমত এই ঘটনাৰ ফটাে ভাইৰেল হৈ পৰিছে।

উল্লেখ্য যে উক্ত কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিবলৈ বিদ্যালয়খনত এক মাংগলিক অনুষ্ঠান আৰম্ভ কৰা হৈছিল। সেই অনুষ্ঠানত শিক্ষক, চিকিৎসা কৰ্মী আৰু স্থানীয় বিজেপি নেতাও উপস্থিত আছিল।

মহাত্মা গান্ধী আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটোৰ সন্মুখত ধূপ দীপ জ্বলাই আৰম্ভ কৰিছিল প্ৰতিষেধক প্ৰদান অনুষ্ঠান।

তাৰ পিছতেই তেওঁলোকে এক ফটো চেচন কাৰ্যসূচী আৰম্ভ কৰে। পৰৱৰ্তী সময়ত সেই ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পিছতেই সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। কিয়নো মহাত্মা গান্ধীৰ ফটোৰ লগতে নৰেন্দ্ৰ মোদীৰ ফটোতো আঁৰি দিয়া হৈছিল ফুলৰ মালা। যাৰ ফলত এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

মধ্য প্ৰদেশ কংগ্ৰেছে এই অনুষ্ঠানৰ ফটাে সামাজিক মাধ্যমত শ্বেয়াৰ কৰি ঘটনাক লৈ এই আজব ঘটনাক লৈ বিজেপি দলক কটাক্ষ কৰে।

এই ঘটনা সন্দৰ্ভত জিলা প্ৰশাসন আৰু জিলা বিজেপিৰ সভাপতিয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া।

জিলা বিজেপিৰ সভাপতি নৰেন্দ্ৰ ত্ৰিপাঠীয়ে কয়, “এই ঘটনা নিন্দনীয়। এনে ঘটনা যাতে দ্বিতীয়বাৰ নহয়। যিটো সময়ত এই ঘটনা সংঘটিত হয় সেই সময়ত বিদ্যালয়ৰ প্ৰধানৰ পৰা স্বাস্থ্য বিভাগৰ আমোলালৈকে উপস্থিত আছিল। সেই অনুষ্ঠানত বিজেপিৰ কোনো শীৰ্ষ নেতাও উপস্থিত নাছিল। তৃণমূল নেতাৰ তেনে ভুল হ’ব পাৰে। কিন্তু তাত এক ডজন লোক উপস্থিত আছিল। কিন্তু তেওঁলোকে নাজানে যে কাৰ ফটোত মালা পিন্ধাব লাগে আৰু কাৰ ফটোত নালাগে। এইয়া বহুত ডাঙৰ কথা।”

Exit mobile version