NEWS8 NE

মহিলাই একেলগে জন্ম দিয়া ৪ শিশুক ডেৰ মাহৰ অন্তত হাস্পতালৰ পৰা অব্যাহতি চিকিৎসকৰ

নিউজ ডেস্ক। অৱশেষত প্ৰায় ডেৰ মাহৰ অন্তত হাস্পতালৰ ICU ৰ পৰা পিতৃ-মাতৃ তথা আত্মীয়ৰ কােলাত উঠি স্বগৃললৈ গ’ল ৪ যমজ শিশু।

উল্লেখ্য যে যােৱা ২৮ এপ্ৰিলত ৰঙিয়াৰ স্বস্তি হাস্পতালত ধুবুৰীৰ দম্পতী নিতেশ সৰকাৰ আৰু সুবৰ্ণা ঘােষৰ পৰিয়াললৈ একেলগে আহিছিল ৪ শিশু।

ইয়াৰে দুটা ল’ৰা সন্তান হোৱাৰ বিপৰীয়ে আন দুটা সন্তান আছিল কন্যা।

হাস্পতালখনৰ পৰিচালন সঞ্চালক তথা স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ ডাঃ হিতেন্দ্ৰ কলিতাৰ তত্ত্বাৱধানত প্ৰসূতিগৰাকীয়ে ২৮ এপ্ৰিলত জন্ম দিছিল এই চাৰিটা দৈৱশিশু।

জন্মৰ সময়ত আটাইকেইটা শিশুৰে ওজন কম হোৱাত তেওঁলোকক হস্পিটেখনৰ নিঅ’ নেটেল আই চি ইউত ৰাখি চিকিৎসা প্ৰদান কৰি থকা হৈছিল।

হস্পিটেলখনৰ শিশু ৰোগ বিশেষজ্ঞ ডাঃ ৰাস্না শৰ্মা, ডাঃ হিমাংশু শেকৰ আৰু ডাঃ চন্দন বৰ্মনৰ দ্বাৰা গঠিত চিকিৎসকৰ এটা বিশেষ দলে দেৱশিশুকেইটাৰ চিকিৎসা চলাই গৈছিল নিৰন্তৰ।

অৱশেষত হাস্পতালখনৰ চিকিৎসক, নাৰ্ছ, ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ল সকলোৰে ঐক্যবদ্ধ প্ৰচেষ্টাত সুবৰ্ণা ঘোষে ওভটাই পাবলৈ সক্ষম হ’ল দেৱশিশুকেইটা।

হাস্পতাল কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে পিতৃ-মাতৃৰ হাতত আটাইকেইটা দেৱশিশু চমজাই দিয়ে।

লগে লগে আনন্দৰ চকুলো ভৰি পৰে নিতেশ সৰকাৰ আৰু সুবৰ্ণা ঘোষৰ দুচকু।

শিশুকেইটাৰ পিতৃ-মাতৃ

ইপিনে, পিতৃ-মাতৃৰ কোলাত দৈৱশিশুকেইটা সুস্থ-সবল ৰূপত তুলি দিবলৈ পাই স্বস্তি হস্পিটেলৰ প্ৰতিগৰাকী চিকিৎসক. নাৰ্ছ আনন্দত আত্মহাৰা হৈ উঠে।

চিকিৎসকসকলৰ মতে, এয়া তেওঁলোকৰ বাবে বিৰল আনন্দৰ মুহূৰ্ত।

লগতে চাওকঃ

মৰ্মান্তিক! ক’ভিড-১৯ত পিতৃ-মাতৃক হেৰুৱাই দিশহাৰা ৩ কন্যা সন্তান

Exit mobile version