NEWS8 NE

মহিলাৰ বেশত দুৰ্ধৰ্ষ ডকাইত! লুটপাতৰ বাবে আৰক্ষীৰ গাড়ী ৰখাই সােমাল লকআপত

নিউজ ডেস্ক। মহিলাৰ বেশত দীৰ্ঘদিন ধৰি কৰিমগঞ্জৰ ৰাজপথত ডকাইতি কৰি যুৱকৰ দল এটা অতি নাটকীয়ভাৱে আৰক্ষীৰ জালত পৰিল।

উল্লেখ্য যে দীঘল চুলিৰ যুৱতীৰ বেশ ধৰি ৩ জনীয়া যুৱকৰ দল এটা নিশাৰ অন্ধকাৰত কৰিমগঞ্জৰ ৰাজপতত ডকাইতিকাণ্ড সংঘটিত কৰি আহিছে।

নিশা হ’লেই এই যুৱকৰ দলটো ৰাজপথত নামি পৰে।

এই ডকাইতৰ দলটোৰ এজনৰ চুলি যুৱতীৰ দৰে দীঘলকৈ আছে।

যেতিয়াই ৰাজ পথেদি মালবাহী ট্ৰাক আহে তেতিয়াই ডকাইতৰ দলটোতে দীঘল চুলিৰ এই যুৱতীৰূপী যুৱকজনক ৰাজপথৰ মাজলৈ পঠিয়াই দিয়ে।

সেই সময়ত অন্য সংগীসকল আন্ধাৰৰ সুযোগ লৈ কাষতে লুকাই থাকে।

নিশাৰ ৰাজপথত অকলশৰীয়া যুৱতীগৰাকীৰ অনুৰোধত যদি কোনোবাই গাড়ী ৰখাই তেন্তে সেই লোককেইজন বা গাড়ীখন ডকাইতৰ দলটোৰ কবলত পৰি স্বৰ্বস্বান্ত হ’বলগীয়া হয়।

দীৰ্ঘদিন ধৰি এনে কাৰ্য অব্যাহত ৰখাৰ পিছত নতুন বছৰত ভাগ্যই লগ নিদিলে ডকাইতৰ এই দলটোক।

পথাৰকান্দিৰ অসম-ত্ৰিপুৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছদি গৈ থকা আৰক্ষীৰ পেট্ৰলিঙৰ গাড়ী এখনো অজ্ঞাতবশতঃ ৰখাবলৈ চেষ্টা চলায় যুৱতীৰূপী ডকাইতজনে।

কিন্তু তেতিয়াই ডকাইতৰ দলটোৱে গম পালে যে তেওঁলোক ভুলতে আৰক্ষীৰ লোকক লক্ষ্য হিচাপে লৈছে তেতিয়াই বহু পলম হৈ গৈছিল।

আৰক্ষীয়ে সমগ্ৰ বিষয়টো অনুসন্ধান কৰি যুৱতীবেশী ডকাইতজনৰ লগতে তেওঁৰ সহযোগীজনক উক্ত স্থানৰ পৰাই গ্ৰেপ্তাৰ কৰে।

অৱশ্যে ইয়াৰে এজন ডকাইত পলাই যাবলৈ সক্ষম হয়।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জকাইত দুজন জয়নুল হক আৰু আবিদুৰ ৰহমান।

লগতে চাওকঃ

দুই কন্যা সন্তান সহ প্ৰাক্তন সেনা জোৱানৰ পত্নী নিৰুদ্দেশ!

ক্ৰিকেট প্ৰেম! ৰোহিত শৰ্মাৰ নামত বাজী ধৰি চৰ্চিত হ’ল ‘চাচা’

ট্ৰাকৰ সৈতে বলেৰ’ বাহনৰ মুখামুখি সংঘৰ্ষত নিহত ২, আহত ৩

চেল্ফী তুলিবলৈ গৈ প্ৰাণ গ’ল যুৱতীৰ! ২২ ঘণ্টাৰ পিছত উদ্ধাৰ মৃতদেহ

Exit mobile version