মাজুলীৰ সত্ৰত মহাপুৰুষ শংকৰদেৱৰ বিষয়ে কি ক’লে সত্যৰঞ্জন বৰাই?

মাজুলীৰ সত্ৰত মহাপুৰুষ শংকৰদেৱৰ বিষয়ে কি ক’লে সত্যৰঞ্জন বৰাই?

October 2, 2020 0 By NEWS DESK

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে একশৰণ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল।

বৈষ্ণৱ হ’ল ভাৰতীয় সভ্যতা সংস্কৃতিৰ এটা অংশ।

শংকৰদেৱে অসমীয়া বুলি জাতীয়তাবাদৰ প্ৰচাৰ কৰা নাছিল।

এই মন্তব্য কৰিছে বিজেপিৰ বহু বিতৰ্কিত নেতা সত্যৰঞ্জন বৰাই।

মাজুলীৰ নাম সােণােৱাল গাঁৱত উপস্থিত হৈ সাংবাদিকৰ আগত এই মন্তব্য প্ৰকাশ কৰে বৰাই।

হিন্দু জাগৰণ যাত্ৰাৰ অংশ হিচাপে বৰা উপস্থিত হৈছে মাজুলী নাম সােণােৱাল গাঁৱত।

সাংবাদিকৰ আগত মন্তব্য কৰি বৰাই কয় যে উগ্ৰ অসমীয়া জাতীয়তাবাদ অৰ্থহীন।

ইয়াৰ বাবে আমি বহু হেৰুৱালােঁ। আজি বড়োসকলে অসমীয়া কিয় ক’ব এৰিলে।

কাৰ্বি, মিছিং বা অন্য জনগোষ্ঠীয়ে নিজকে অসমীয়া বুলি কিয় অভিহিত নকৰে বুলিও বৰাই প্ৰশ্ন কৰে।

আমাৰ পৰা মেঘালয় গুচি গ’ল। অসমত বহু সাহিত্য সভা, ছাত্ৰ সংগঠনৰ জন্ম হ’ল।

সেয়ে বৰাই নিজকে প্ৰথমে হিন্দু বুলিহে পৰিচয় দিবলৈ আহ্বান জনায়।