Site icon NEWS8 NE

মাজ আকাশত বিমানৰ পাইলটৰ হাৰ্ট এটেক, জৰুৰী অৱতৰণ

নিউজ ডেস্ক। মাজ আকাশত হ’ল বিজুতি। পিছে বিমানৰ হোৱা নাই কোনো বিজুতি। বিমানৰ পাইলটহে হৈ পৰিল অসুস্থ।

প্ৰায় ৩৭ হাজাৰ ফুট উচ্চতাত বিমানখন উৰি থকাৰ সময়ত হঠাতে বুকুত প্ৰচণ্ড বিষ অনুভৱ কৰিলে বাংলাদেশৰ এখন বিমানৰ এজন পাইলটে।

বিমানখন ওমানৰ ৰাজধানী মাস্কাতৰ পৰা ঢাকা অভিমুখে যাত্ৰা কৰিছিল। অৱশেষত নাগপুৰ বিমানবন্দৰত জৰুৰী অৱতৰণ কৰিবলৈ বাধ্য হয় বিমানখন। এই ঘটনা সংঘটিত হয় শুকুৰবাৰে।

জানিব পৰা মতে, বিমানখনত আছিল মুঠ ১২৯ জন যাত্ৰী। ৭৩৭-৮০০ নম্বৰৰ বাংলাদেশৰ বিমানখন মাস্কাতৰ পৰা ঢাকা অভিমুখে ৰাওনা হৈছিল।

নাগপুৰ বিমানবন্দৰ এৰি কলকাতা বিমানবন্দৰৰ সৈতে যোগাযোগ কৰাৰ সময়তেই এই ঘটনা ঘটে। বিমানৰ কেপ্টেইনে হঠাতে অসুস্থ অনুভৱ কৰে।

সহ পাইলট আৰু ফাৰ্ষ্ট অফিচাৰে সেই সময়ত কলকাতা বিমানবন্দৰৰ সৈতে যোগাযোগ কৰিছিল। পাইলটৰ হাৰ্ট এটেক হোৱা বুলি জনায় তেওঁ। কলকাতা বিমানবন্দৰত অৱতৰণ কৰিবলৈ এঘণ্টা সময় লাগিব বুলি কোৱাত জৰুৰীভাৱে নাগপুৰ বিমানবন্দৰতে অৱতৰণ কৰায় বিমানখন।

বৰ্তমান পাইলটজন নাগপুৰৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। তেওঁৰ অৱস্থা সংকট মুক্ত বুলি জনায় চিকিৎসকে। পাইলটজনৰ বয়স ৪৫ বছৰৰ অধিক বুলি জানিব পৰা যায়।

উল্লেখ্য যে নিশা পৰ্যন্ত যাত্ৰী সহ বিমানখন থাকে নাগপুৰ বিমানবন্দৰতে। কিয়নো মাত্ৰ এজন পাইলটে বিমান চলাব নোৱাৰে। নতুন পাইলট অহালৈ অপেক্ষা কৰিবলগীয়া হয় যাত্ৰীসকল।

পৰৱৰ্তী সময়ত বাংলাদেশৰ পৰা ডুবাই অভিমুখী এখন বিমানত ৮ জন বিমান কৰ্মচাৰী পঠায় নাগপুৰলৈ। আৰু তাৰ পিছতেই বিমানখন যাত্ৰী সহ ঢাকালৈ লৈ যোৱা হয়।

Exit mobile version