মাটিৰ তলেৰে সুৰংগ খান্দি ভাৰতত প্ৰৱেশৰ চেষ্টা পাকিস্তানৰ সন্ত্ৰাসবাদীৰ !

মাটিৰ তলেৰে সুৰংগ খান্দি ভাৰতত প্ৰৱেশৰ চেষ্টা পাকিস্তানৰ সন্ত্ৰাসবাদীৰ !

August 29, 2020 0 By NEWS DESK

পাকিস্তানে নতুন নতুন কৌশলেৰে অব্যাহত ৰাখিছে ভাৰতত প্ৰবেশৰ চেষ্টা।

সীমান্তত ভাৰতীয় নিৰাপত্তা বাহিনীয়ে প্ৰতিদিনে চোকা দৃষ্টি ৰখাৰ সময়তে এইবাৰ বিএছএফৰ হাতত পৰিছে আন এক চাঞ্চল্যকৰ তথ্য।

 মাটিৰ তলেৰে সুৰংগ খান্দি ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছে পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে।

কাশ্মীৰৰ ছাম্বা ছেক্টৰত বিএছএফে পুনৰ এনে এটা সুৰংগ আবিষ্কাৰ কৰিবলৈ সক্ষম হৈছে।

ছাম্বা ছেক্টৰৰ বাচান্তাৰ নামৰ অঞ্চলটোত বিএছএফে উদ্ধাৰ কৰা সুৰংগটোৰ এখন মুখ আছে পাকিস্তানৰ মাটিত আৰু আন খন মুখ আছে ভাৰতৰ মাটিত।

উল্লেখ্য যে, ভাৰতৰ যি স্থানত সুৰংগৰ মুখখন আছে তাৰ ঠিক কাষতে আছে ভাৰতীয় নিৰাপত্তা বাহিনীৰ এটা পহৰাচকী।

আনহাতে সুৰংগৰ পাকিস্তানৰ পিনে থকা মুখৰ পৰা প্ৰায় ৪০০ মিটাৰ দূৰত আছে পাক পহৰাচকী।

২০ ফুট দৈৰ্ঘ্য আৰু ৪ ফুট প্ৰস্থৰ সুৰংগটো খন্দা বেছিদিন হোৱা নাই বুলি বিএছএফৰ সূত্ৰই প্ৰকাশ কৰিছে।