Site icon NEWS8 NE

মাতৃক চিৰদিনৰ বাবে হেৰুৱালে অক্ষয় কুমাৰে

নিউজ ডেস্ক। বলিউড অভিনেতা অক্ষয় কুমাৰৰ মাতৃৰ বিয়োগ। বুধবাৰে পুৱাই মৃত্যু হয় অভিনেতাজনৰ মাতৃ অৰুণা ভাটিয়াৰ।

“মই জীয়াই থকাৰ আধাৰ আছিল মোৰ মা। মাৰ মৃত্যুত এক অসহ্য যন্ত্ৰণা অনুভৱ কৰিছো।”- মাতৃৰ মৃত্যুত এনেদৰেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বলিউড ষ্টাৰ অক্ষয় কুমাৰে।

টুইটাৰত অভিনেতাজনে কয়, “কোনোধৰণৰ কষ্ট নোপোৱাকৈ শান্তিত শেষ নিশ্বাস ত্যাগ কৰে মায়ে। মা আৰু নাই। ইহলোকৰ পৰা বিদায় লৈ তেওঁৰ আত্মা মিলিত হ’ব মোৰ স্বৰ্গীয় পিতৃৰ সৈতে।”

তেওঁৰ মাতৃৰ মৃত্যুত শোক প্ৰকাশ কৰে অজস্ৰ জনে।

উল্লেখ্য যে অভিনেতা অক্ষয় কুমাৰৰ মাতৃ অৰুণা ভাটিয়া অসুস্থ হৈ মুম্বাইৰ হিৰানন্দনী চিকিৎসালয়ৰ আই চিইউত ভৰ্তি হৈ আছিল। সেই সময়ত অক্ষয় কুমাৰ নাছিল দেশত।

মাতৃৰ অসুস্থতাৰ খবৰ লাভ কৰি সোমবাৰে পুৱাই তেওঁ ইংলেণ্ডৰ পৰা মুম্বাইৰ ঘৰত উপস্থিত হয়।

অক্ষয়ে তেওঁৰ “চিন্দ্ৰেলা” ছবিৰ শ্বুটিঙৰ বাবে বিগত কেইবা সপ্তাহ আছিল ইংলেণ্ডত।

Exit mobile version