Site icon NEWS8 NE

মাতৃভাষাক জলাঞ্জলি দিয়া মিঞা মুছলমানসকল গাড্ডাৰ, বেইমান! স্বাধীনতা দিৱসৰ দিনাই বিস্ফোৰণ প্ৰাক্তন বিধায়ক আব্দুল আজিজৰ

নিউজ ডেস্কঃ মাতৃভাষাক জলাঞ্জলি দিয়া অসমৰ মিঞা মুছলমান সকলৰ দৰে গাড্ডাৰ, বেইমান জাতি পৃথিৱীত নাই।’ স্বাধীনতা দিৱস উপলক্ষ্যে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি এই বিস্ফোৰক মন্তব্য ৰূপহীহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক আব্দুল আজিজৰ।

মাতৃভাষাৰ কথা ক’বলৈ গৈ মিঞা মুছলমান সকল অসমত অপমানিত হোৱাৰ কাৰণ বাখ্যা কৰিলে প্ৰাক্তন বিধায়ক আব্দুল আজিজে। তাৰ পিছতে ক’লে, ‘অসমৰ মিঞা মুছলমানে আজি নিজৰ মাতৃভাষা জলাঞ্জলি দি অসমীয়া ভাষা শিকিছে। সেই সকলৰ দৰে বেইমান, গাড্ডাৰ জাতি পৃথিৱীত নাই।’

আনহাতে ধৰ্ম প্ৰথমে, তাৰ পিছতহে দেশ বুলিও মন্তব্য কৰে আব্দুল আজিজে। তেওঁ কয়, ‘মই প্ৰথমে মুছলমান, তাৰ পিছতহে ভাৰতীয়। মুছলমান মোৰ প্ৰথম পৰিচয়।’

প্ৰাক্তন বিধায়ক জনৰ এনে মন্তব্যই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। স্বাধীনতাৰ ৭৫তম বৰ্ষ উদযাপনৰ সময়ত দেশতকৈ ধৰ্মহে ডাঙৰ বুলি একপ্ৰকাৰ প্ৰতীয়মান কৰিব বিচৰা অব্দুল আজিজৰ মন্তব্যই সামাজিক বিভেদ সৃষ্টিত উদগণি যোগাব বুলিও মন্তব্য কৰিছে অনেকে।

Exit mobile version