Site icon NEWS8 NE

মাতৃয়ে দাখিল কৰিছিল এজাহাৰ! লাজ, অপমানত ঘৰৰ পৰা ওলাই অহাৰ পিছতে শৰাইঘাট দলঙত উদ্ধাৰ সদ্য বিবাহিত পূৰ্ণজ্যোতিৰ বাইক, চেণ্ডেল…

নিউজ ডেস্কঃ মাতৃয়ে এজাহাৰ দাখিল কৰাৰ পিছতে সোধাপোছাৰ বাবে ঘৰলৈ আহিছিল আৰক্ষী।

তাৰ বাবেই লাজে-অপমানে জৰ্জৰ হৈ বাইকখন লৈ ঘৰৰ পৰা ওলাই আহিছিল পূৰ্ণজ্যোতি।

ঘৰৰ পৰা ওলাই অহাৰ সময়ত সদ্য বিবাহিত পত্নীক কৈ আহিছিল কেতিয়াও আৰু ঘূৰি নাহো বুলি।

তাৰ পিছতে শৰাইঘাট দলঙৰ ওপৰত যুৱকজনৰ বাইক আৰু চেণ্ডেল উদ্ধাৰ হোৱাৰ ঘটনাই এতিয়া সৃষ্টি কৰিছে চাঞ্চল্যৰ।

কান্দি কান্দি বাউল হৈ পৰিছে যুৱকজনৰ পত্নীৰ লগতে পৰিয়াল।

নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত আদাবাৰী গাঁৱত ঘৰ ৩০ বৰ্ষীয় যুৱক পূৰ্ণজ্যোতি কলিতাৰ।

প্ৰায় ১০ মাহ পূৰ্বে বেলশৰ থানাৰ অন্তৰ্গত নিজতাপা গাঁৱৰ এগৰাকী যুৱতীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল তেওঁ।

কিন্তু বিয়াৰ পিছতে যেন শান্তি নোহোৱা হৈ পৰিছিল ঘৰখনৰ পৰা।

সৰু সৰু কথাতেই কাজিয়া আৰম্ভ হৈছিল মাতৃৰ সৈতে।

নৱবৰ্ষৰ পহিলা দিনটোতো মাতৃ্ৰ সৈতে কোনো কাৰণত সংঘাত হয় পূৰ্ণজ্যোতিৰ।

তাৰ পিছতে পুত্ৰ পূৰ্ণজ্যোতিৰ বিৰুদ্ধে আদাবাৰী পহৰা চকীত এজাহাৰ দাখিল কৰে মাতৃয়ে।

মাতৃৰ এজাহাৰৰ পিছত আৰক্ষীয়ে আৰক্ষী চকীলৈ মাতি পঠিয়ায় পূৰ্ণজ্যোতিক।

সোধাপোছাৰ বাবে পূৰ্ণজ্যোতিৰ ঘৰলৈও আহে আৰক্ষী।

আৰক্ষীৰ এই আগমণক যেন সহজভাৱে মানি ল’ব নোৱাৰিলে যুৱকজনে।

লাজে অপমানে জৰ্জৰ হৈ পত্নীক শেষবাৰৰ বাবে মাত লগাই কেতিয়াও ঘূৰি নাহো বুলি কৈ বাইকখন লৈ ঘৰৰ পৰা ওলাই আহে যুৱকজন।

ইয়াৰ পিছতে সন্ধিয়া শৰাইঘাট দলঙৰ ওপৰত আৰক্ষীয়ে উদ্ধাৰ কৰে পূৰ্ণজ্যোতিৰ এএছ ২৫এম ৬৮৪২ নম্বৰৰ গ্লেমাৰ বাইকখনৰ লগতে চেণ্ডেলজোৰ।

আৰক্ষীয়ে এই বিষয়ে পৰিয়ালক অৱগত কৰাৰ পিছতে কান্দোনত ভাগি পৰে পূৰ্ণজ্যোতিৰ পত্নী আৰু পৰিয়ালৰ আন সকল সদস্য।

পূৰ্ণজ্যোতিৰ পত্নী কান্দি কান্দি অসুস্থ হৈ পৰাত তেওঁক আদাবাৰীস্থিত মহাত্মা গান্ধী আদর্শ চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া পৰিস্থিতিৰো সৃষ্টি হয়।

যুৱকজনৰ পৰিয়ালে ইতিমধ্যে এই সংক্ৰান্তত জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।

Exit mobile version