NEWS8 NE

মাত্ৰ ৩ মাহ পূৰ্বে বিয়াত বহা সেনা জোৱান পৱন শ্বহীদ হ’ল শ্ব’পিয়ানত! পত্নীক কৈছিল- দুই-এদিনতে যাম ঘৰলৈ…

নিউজ ডেস্ক। মাত্ৰ তিনিমাহ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল ভাৰতীয় সেনা জোৱান পৱন সিং গুৰ্জৰ।

বিয়াৰ পিছত পত্নীক এৰি কৰ্তব্যস্থলী কাশ্মীৰলৈ যোৱা পৱনে দুই এদিনতে পুনৰ ছুটি লৈ ঘৰলৈ অহাৰ কথা আছিল। অধীৰ আগ্ৰহৰে তেওঁ অহালৈ বাট চাইছিল নৱ বিবাহিতা পত্নীয়েও। কিন্তু…!

বৃহস্পতিবাৰে আহিল এক দুঃখবৰ! যি খবৰে ম্ৰিয়মান কৰি তুলিলে সমগ্ৰ দেশবাসীক।

ৰাজস্থানৰ দৌছা জিলাৰ কাঞ্চনপুৰা গাঁৱত থকা সেনা জোৱান পৱন সিং গুৰ্জৰৰ ঘৰত সৃষ্টি হ’ল শোকাকুল পৰিৱেশৰ। দুঃসংবাদ শুনি অচেতন হৈ পৰিল তেওঁৰ নৱ বিবাহিতা পত্নী!

বৃহস্পতিবাৰে সন্ধিয়া দক্ষিণ কাশ্মীৰৰ শ্ব’পিয়ান জিলাৰ কানিপোৰা গাঁৱৰ সমীপৰ বাদিগামত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলায় ভাৰতীয় সেনা আৰু আৰক্ষীয়ে।

এই অভিযানতে যোগ দিয়াৰ বাবে কানিপোৰা সেনা শিৱিৰৰ পৰা ৰাওনা হৈছিল ভাৰতীয় সেনাৰ ৪৪ বেটেলিয়ানৰ কেইগৰাকীমান জোৱান।

কিন্তু আধা বাটতে সেনাৰ বাহনখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ তিনিগৰাকী সেনা জোৱান শ্বহীদ হোৱাৰ বিপৰীতে আহত হয় আন দুজন জোৱান।

শ্বহীন সেনা জোৱান তিনিজনৰ ভিতৰত দুজন আছিল ৰাজস্থানৰ বীৰ সন্তান। তেওঁলোক হৈছে আলৱাৰৰ নিৱাসী ৰাম অৱতাৰ আৰু দৌছাৰ নিৱাসী পৱন সিং গুৰ্জৰ।

মাত্ৰ তিনিমাহ পূৰ্বে বিবাহ পাশত আৱদ্ধ হোৱা ভাৰতীয় সেনা জোৱান পৱন সিং গুৰ্জৰৰ মৃত্যুৰ বাতৰিয়ে শোকস্তব্ধ কৰি তোলে তেওঁৰ পত্নী আৰু পৰিয়ালক।

জানিব পৰা মতে, দুই এদিনতে তেওঁ ছুটি লৈ ঘৰলৈ অহাৰ প্ৰতিশ্ৰুতি দিছিল নৱ বিবাহিত পত্নীক। কিন্তু সেনা জোৱানগৰাকী নশ্বৰ দেহ ঘৰলৈ উভতাত শোকত ভাগি পৰিছে সমগ্ৰ ৰাজস্থান।

জানিব পৰা মতে, পৱন সিং গুৰ্জৰৰ পিতৃ ভীম সিং গুৰ্জৰ আইটি কৰ্মৰ এজন ৰক্ষী। আনহাতে তেওঁৰ দুই ভাতৃ মোহন সিং আৰু বীৰ সিং কৃষি কৰ্মৰ সৈতে জড়িত।

ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে টুইটযোগে শ্বহীদ সেনা জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু আহত সকলৰ আশু আৰোগ্য কামনা কৰে।

Exit mobile version