Site icon NEWS8 NE

মাথোঁ ৬ দিনৰ ভিতৰতে পিতৃ-মাতৃ দুয়োকে হেৰুৱাই ঘাটমাউৰা হৈ পৰিল এটি কণমানি!

নিউজ ডেস্ক। শনিবাৰে দুপৰীয়া মৰিয়নীৰ নকছাৰী মাছখোৱা নিবাসী সংস্কৃতিবান শিক্ষয়িত্ৰী মৌচুমী হাজৰিকাৰ বিয়োগে ম্ৰিয়মান কৰি তুলিছে সমগ্ৰ অঞ্চলবাসীক।

অতি বিনম্ৰ আৰু সুহৃদয়বান মহিলা হিচাপে পৰিচিত মৌচুমী হাজৰিকা দীৰ্ঘদিনৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ আছিল।

শুকুৰবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত হঠাৎ তেওঁ অসুস্থ হৈ পৰাত ততাতৈয়াকৈ তেওঁক যোৰহাটৰ খ্ৰীষ্টিয়ান মিছন হাস্পতালত ভর্তি কৰোৱা হয়। কিন্তু তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত পৰৱৰ্তী সময়ত ভেণ্টিলেশ্যনৰ সহায় ল’বলগীয়া হয়।

হাস্পতালৰ বিচনাত মৃত্যুৰ সৈতে যুঁজি অৱশেষত পৰাজিত হয় মৌচুমী হাজৰিকা। দুপৰীয়া প্ৰায় ১.৩০ বজাত সকলোকে কন্দুৱাই শেষ নিশ্বাস ত্যাগ কৰে সকলোৱে ভালপোৱা এইগৰাকী শিক্ষয়িত্ৰীয়ে।

উল্লেখ্য যে, মাত্ৰ ৬ দিন পূৰ্বে অৰ্থাৎ ২৩ জানুৱাৰীত মৃত্যু ঘটিছিল মৌচুমীৰ স্বামী তথা বিশিষ্ট নাট্যকাৰ, প্ৰাক্তন আছু নেতা, লাচিত বৰফুকন বঁটাপ্রাপ্ত, গৱেষক ড° জিন্টু হাজৰিকাৰ।

ড° হাজৰিকাৰ মৃত্যুৰ খবৰে নমাই অনা দুখৰ ধুমুহাজাকৰ মাজতে মাত্ৰ ৬ টা দিনৰ পিছত মৌচুমী হাজৰিকাৰ বিয়োগৰ বাতৰি যেন কোনেও মানি ল’ব পৰা নাই।

ইফালে হাজৰিকা দম্পত্তিৰ এই অকাল বিয়োগে মাত্ৰ ১৩ বছৰ বয়সতে অকলশৰীয়া কৰিলে তেওঁলোকৰ একমাত্ৰ সন্তানটোক।

প্ৰণিধানযোগ্য যে, মাত্ৰ ৬ মাহ পূৰ্বে মৌচুমীয়ে হেৰুৱাইছিল তেওঁৰ পিতৃ জীৱেশ্বৰ গগৈকো।

১৯৭৮ চনত হেমলাইত জন্মগ্ৰহণ কৰা মৌচুমী হাজৰিকাই ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ লাভ কৰাৰ পিছত বি এড পৰীক্ষাতো প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হৈছিল।

মৃত্যুৰ পৰলৈকে পূব নকছাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতাৰ চাকৰি কৰি থকা মৌচুমী হাজৰিকা এগৰাকী ভাল কণ্ঠশিল্পী হিচাপেও অঞ্চলটোত পৰিচিতি আছিল।

শনিবাৰে বিয়লি মৌচুমীৰ মৃতদেহ মাছখোৱা আহি পোৱাত কান্দোনৰ ৰোল উঠে। পিচত বহুসংখ্যক গুণমুগ্ধৰ উপস্থিতিত মাত্র ছদিন পূর্বে মৃত্যুবৰণ কৰা স্বামী ড° জিণ্টু হাজৰিকাৰ চিতাৰ কাষতে অন্তেষ্টিক্রিয়া সম্পন্ন কৰা হয়।

সংস্কৃতিবান শিক্ষয়িত্ৰীগৰাকীৰ বিয়োগত মৰিয়নী আঞ্চলিক ছাত্ৰ সন্থা, কিংশুক, মৰিয়নী ক্রীড়া সন্থা, বিধায়ক ৰূপজ্যোতি কুমী, মৰিয়নী প্ৰেছ ক্লাব, নকছাৰী আঞ্চলিক ছাত্ৰ সন্থা, সদৌ যোৰহাট জিলা ছাত্ৰ সন্থা, নকছাৰী জাতীয় বিদ্যালয়, মৰিয়নী জাতীয় বিদ্যাপীঠ আদিয়ে গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকাকুল পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

Exit mobile version