মাদাৰ অল্ডেজ হ’মৰ ১২ গৰাকীকৈ আইতাৰ দেহত ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি !

মাদাৰ অল্ডেজ হ’মৰ ১২ গৰাকীকৈ আইতাৰ দেহত ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি !

September 9, 2020 0 By NEWS DESK

ৰাজ্যত অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপ।

সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা।

এইবাৰ মাদাৰ অল্ডেজ হ’মৰ ১২ গৰাকীকৈ আইতাৰ দেহত ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি।

সোমবাৰে ৰেপিড এন্টিজেন টেষ্ট কৰা হৈছিল বৃদ্ধাশ্ৰমখনত।

ইয়াৰে ৫ গৰাকী আইতাক ডি পি এচ স্কুলত ৰখা হৈছে।

আনহাতে ২ গৰাকী আইতাক বৰ্তমান এম এম চি এইচত ৰখা হৈছে।

বাকী কেইগৰাকী আইতা বৃদ্ধাশ্ৰম খনতে হোম আইচ’লেচনত আছে।

ক’ভিড আক্ৰান্ত আইতা সকলৰ ভিতৰত এগৰাকী ১০১ বছৰীয়া আইতাও আছে।